শোণিতপুৰৰ ঢেকিয়াজুলিত কাৰ্ফিউত শিথিলতা ঘোষণা প্ৰশাসনৰ

শোণিতপুৰৰ ঢেকিয়াজুলিত কাৰ্ফিউত শিথিলতা ঘোষণা প্ৰশাসনৰ

অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন হোৱাৰ দিনা যোৱা ৫ আগষ্টত ঢেকিয়াজুলিত দুটা দলৰ মাজত মাৰধৰ লাগে।
Published on

যোৱা ৫ আগষ্টত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুটা সম্প্ৰদায়ৰ লোকৰ মাজত সংঘটিত অ-প্ৰীতিকৰ ঘটনাৰ পাছত আৰোপ কৰা সান্ধ্য আইন(কাৰ্ফিউ)সম্প্ৰতি প্ৰশাসনে কিছু শিথিল কৰি দিছে। প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষী অধীক্ষক মানবেন্দ্ৰ প্ৰতাপ সিঙে দাখিল কৰা প্ৰতিবেদনৰ পাছতে জিলা দণ্ডাধীশে ঢেকিয়াজুলিত কাৰ্ফিউ আংশিকভাবে প্ৰত্যাহাৰ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাৰ্ফিউ শিথিল কৰা হৈছে।

অৱশ্যে বিশেষ অনুমতি থকা ব্যক্তিয়েহে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলন-ফুৰণ কৰিব পাৰিব। কিন্উতু ঠেলামৰাত কাৰ্ফিউ বাহাল ৰখা হৈছে। উল্লেখ্য যে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন হোৱাৰ দিনা যোৱা ৫ আগষ্টত ঢেকিয়াজুলিত দুটা দলৰ মাজত মাৰধৰ লাগে। ঘটনাই সাম্প্ৰদায়িক ৰূপ লোৱাৰ উপক্ৰম ঘটে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে কাৰ্ফিউ আৰোপ কৰাৰ লগতে সেনাই ফ্লেগ মাৰ্চ কৰে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com