গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা ভৰলুমুখলৈকে উচ্ছেদ অভিযান

গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা ভৰলুমুখলৈকে উচ্ছেদ অভিযান
Published on

ৰে'ল পথৰ দাঁতিত অবৈধ ভাৱে বহুতো সৰু সৰু দোকান গঢ় লৈ উঠা পৰিলক্ষিত হয় । সোমবাৰে অবৈধ ভাৱে গঢ় লৈ উঠা দোকান সমূহ উচ্ছেদ কৰা হয়। ৰেল পথ সমূহৰ গুৱাহাটী ৰে'লৱে ষ্টেচন পৰা ভৰলুমুখলৈকে গঢ় লৈ উঠা দোকান সমূহ উচ্ছেদ কৰা হয়।

ৰেল পথৰ দাঁতিত অবৈধ ভাৱে গঢ়ি উঠা অবৈধ দোকান সমূহ পূৰ্বতেও বহুবাৰ উচ্ছেদ কৰা হৈছিল কিন্তু পুনৰ গঢ়ি উঠা পৰিলক্ষিত হয় ।

পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা শান্তিপুৰলৈকে বহুতো অবৈধ ড্ৰাগচ ব্যবসায়, নাৰকটিচ আৰু নিচাযুক্ত সামগ্ৰী সমূহৰ ৰমৰমীয়া ব্যবসায় গঢ়ি তোলা পৰিলক্ষিত হয়। এই অবৈধ ব্যবসায়ি সকলক উচ্ছেদ কৰাত যথেষ্ট সকাহ পাইছে স্থানীয় লোকে ।

এজন স্থানীয় বাসিন্দায়ে প্ৰকাশ কৰে যে, " বিভাগীয় কতৃপক্ষয়ে উচ্ছেদ অভিযান চলোৱাৰ বাবে ধন্যবাদ । এই সৰু দোকান পূৰ্বতেও উচ্ছেদ কৰা হৈছিল । ইয়াত প্ৰত্যেক দিনাই অভিযান কৰিব লাগে বুলি প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com