জৈৱিক উত্তৰ-পূবৰ ওপৰত এক্সপ' আৰম্ভ

অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, উত্তৰ-পূব অঞ্চলৰ বাবে মিছন অৰ্গেনিক ভেল্যু চেইন ডেভেলপমেণ্ট (এম অ’ ভি চি ডি)ৰ অধীনত অসমৰ কৃষি বিভাগে মাজুলী জিলাক অসমৰ জৈৱিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।
জৈৱিক উত্তৰ-পূবৰ ওপৰত এক্সপ' আৰম্ভ
Published on

গুৱাহাটীঃ অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে যে উত্তৰ-পূব অঞ্চলৰ বাবে মিছন অৰ্গেনিক ভেল্যু চেইন ডেভেলপমেণ্টৰ অধীনত অসমৰ কৃষি বিভাগে মাজুলী জিলাক অসমৰ জৈৱিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূব অঞ্চলক বাণিজ্যিক জৈৱিক কৃষিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শীতাৰ অধীনত ৰাজ্যখনে কৃষি হৰ্তী খণ্ডকে ধৰি বিভিন্ন খণ্ডত বৃদ্ধি আৰু উন্নয়নৰ নতুন যুগত প্ৰৱেশ কৰিছে বুলি বৰাই কয়। অসমৰ কৃষি বিভাগৰ সহযোগত ছিমফেড (চিকিম ষ্টেট ক'অপাৰেটিভ চাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড)ৰ উদ্যোগত অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ শুকুৰবাৰৰ পৰা পশু চিকিৎসা মহাবিদ্যালয়ত আয়োজিত হয় অৰ্গেনিক নৰ্থ ইষ্ট ২০২৩ৰ প্ৰথমটো এক্সপ'। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ এই মন্তব্য কৰে খানাপাৰা খেলপথাৰত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com