বিধ্বংসী অগ্নিকাণ্ডত বকোৰ চাম্পুপাৰা বজাৰত চাৰিখন দোকান ভস্মীভুত

বজাৰখনৰ ময়নুল হকৰ দোকানৰ কাষত থকা বিদ্যুতৰ ট্ৰান্সফৰ্মাৰৰ পৰা শ্বৰ্ট-চাৰ্কিট হৈ জুইৰ সূত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷
বিধ্বংসী অগ্নিকাণ্ডত বকোৰ চাম্পুপাৰা বজাৰত চাৰিখন দোকান ভস্মীভুত
Published on

এক বিধ্বংসী অগ্নিকাণ্ডত আজি কামৰূপ জিলাৰ বকোৰ চাম্পুপাৰা বজাৰত চাৰিখন দোকান ভস্মীভুত হয়। এই অগ্নিকাণ্ডত ময়নুল আলীৰ ইলেকট্ৰ'নিকছৰ সামগ্ৰীৰ দোকান, ছলেমন আলীৰ গেলামাল দোকান, আফজালুৰ ৰহমানৰ কাপোৰৰ দোকান আৰু আবু তাহেৰৰ গেলামান দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়।

সৌভাগ্যবশতঃ স্থানীয় লোকৰ কথমপি ৰক্ষা পৰে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বজাৰখনৰ ময়নুল হকৰ দোকানৰ কাষত থকা বিদ্যুতৰ ট্ৰান্সফৰ্মাৰৰ পৰা শ্বৰ্ট-চাৰ্কিট হৈ জুইৰ সূত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷

অগ্নিকাণ্ডত প্ৰায় বহু লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱা স্থানীয় ৰাইজে প্ৰকাশ কৰিছে। এই অগ্নিকাণ্ড ময়নুল হকৰ দোকানৰ কাষতে থকা এটা ট্ৰান্সফৰ্মাৰত শ্বট-শ্বাকিটৰ ফলত সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com