ৰাজ্যিক বাতৰি
১.৫৭ কোটি টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ মিজোৰামত
যোৱা ১৭ জানুৱাৰীত ভাৰত-ম্যানমাৰ সীমান্তত দুটা ভিন্ন অভিযানৰ সময়ত জব্দ কৰা হৈছিল
গুৱাহাটীঃ শুল্ক বিভাগৰ সৈতে কৰা যৌথ অভিযানত মঙলবাৰে অসম ৰাইফলছে মিজোৰামৰ টলাংছাম গাঁৱৰ পৰা ১.৫৭ কোটি টকাৰ বিদেশী চিগাৰেট জব্দ কৰে। বিশেষ তথ্যৰ ভিত্তিত শুল্ক বিভাগ,আছাম ৰাইফলছ গঠিত এটা দলে অভিযান চলায়। চম্পাই জিলাৰ জেনেৰেল এৰিয়া টলাংছাম গাঁৱত আৰু জোখোৱাথাৰ মেলবুক ৰোডত পৰিত্যক্ত হৈ থকা অৱস্থাত এইয়া আছাম ৰাইফলছৰ দলটোৱে উদ্ধাৰ কৰে।
লগতে পঢ়ক: গুৱাহাটীত জব্দ হেৰ'ইন, দুই ভাতৃক গ্ৰেপ্তাৰ

