বাঘজানৰ অগ্নিকাণ্ডস্থলীত বিস্ফোৰণঃ ৩ বিদেশী বিশেষজ্ঞ আহত

আহত বিশেষজ্ঞকেইজন হৈছে এণ্টনী ষ্টিফেন ৰেইনল্ডছ, ডফ ডালাছ আৰু ক্ৰেইগ নেইল ডানকান।
বাঘজানৰ অগ্নিকাণ্ডস্থলীত বিস্ফোৰণঃ ৩ বিদেশী বিশেষজ্ঞ আহত
Published on

বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডস্থলীত আজি এক বিস্ফোৰণ সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি এই বিস্ফোৰণত ৩জন বিদেশী বিশেষজ্ঞ আহত হয়। বিশেষজ্ঞকেইজন তৈলক্ষেত্ৰখনৰ ৫ নম্বৰ খাদত লগা জুই নুমুৱাত জড়িত আছে। সেই অনুসৰি আনদিনাৰ দৰে আজিও নিচেই পুৱা বিদেশী বিশষজ্ঞকেইজন ৫ নম্বৰ খাদলৈ যায়। তেওঁলোক খাদত উপস্থিত হোৱাৰ কিছুসময়ৰ পাছতে বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটোৰ ফলত কিছু পৰিমাণে বিশেষজ্ঞকেইজন অগ্নিদগ্ধ হয়। পাছত তেওঁলোকক ডিব্ৰুগড়ৰ আস্থা হাস্পতালত ভৰ্তি কৰা হয়। বিস্ফোৰণৰ পাছত খাদটোত জুই নুমুৱাৰ কাম কিছু সময়ৰ বাবে বন্ধ হৈ পৰে।

আহত বিশেষজ্ঞকেইজন হৈছে এণ্টনী ষ্টিফেন ৰেইনল্ডছ, ডফ ডালাছ আৰু ক্ৰেইগ নেইল ডানকান। ইয়াৰে ডানকান ছিংগাপুৰৰ, ডালাছ আৰু ৰেইনল্ডছ আমেৰিকাৰ হিউষ্টনৰ। উল্লেখ্য যে বাঘজান তৈলক্ষেত্ৰত য়োৱা ২৭ মে' আৰু ৯ জুনত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰে ৯ জুনত সূত্ৰপাত ঘটা অগ্নিকাণ্ড আজিও নিৰ্বাপিত হোৱা নাই।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com