কাজিৰঙাৰ বানাক্ৰান্ত বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে গোলাঘাটৰ ৰুমী দত্তৰ ১ লাখ টকা দান

লকডাউনৰ সময়ত দৰিদ্ৰ লোকৰ বাবেও ২ লাখ টকা আগবঢ়াইছিল দত্তই ৷
কাজিৰঙাৰ বানাক্ৰান্ত বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে গোলাঘাটৰ ৰুমী দত্তৰ ১ লাখ টকা দান

বন্যপ্ৰাণী প্ৰেমৰ প্ৰকৃষ্ট উদাহৰণ দাঙি ধৰিলে গোলাঘাটৰ এগৰাকী মহিলাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানাক্ৰান্ত বন্যপ্ৰাণীৰ পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ নগদ ১ লাখ টকা আগবঢ়াইছে গোলাঘাটৰ ৰুমী দত্ত নামৰ মহিলাগৰাকীয়ে৷

প্ৰাপ্ত তথ্য অনুসৰি গোলাঘাটৰ গোলামপট্টিৰ নিৱাসী দত্তই সাম্প্ৰতিক বানত দিশহাৰা হৈ আহত হোৱা বিভিন্ন বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে নিজৰ সাঁচতীয়া ১ লাখ টকা ২২ জুলাইত আনুষ্ঠানিকভাৱে কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ ছামচুল আলীৰ হাতত অৰ্পণ কৰে৷ এই সম্পৰ্কত পৰোপকাৰী মহিলাগৰাকীয়ে সাংবাদিকৰ আগত কয় যে তেওঁৰ স্বামী তথা প্ৰাক্তন জিলা ক্ৰীড়া বিষয়া প্ৰয়াত নেত্ৰধৰ দত্ত আত্মাৰ সদগতিৰ বাবেই বন্যপ্ৰাণীৰ বাবে এই ধন ৰাশি আগবঢ়াইছে৷

লগতে তেওঁ বান দুৰ্যোগৰ কবলত পৰি আশ্ৰয় বিচাৰি অহা বন্যপ্ৰাণীক হত্যা নকৰি আশ্ৰয় প্ৰদান কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়৷

উল্লেখ্য যে লকডাউনৰ সময়ত দৰিদ্ৰ লোকৰ  বাবেও ২ লাখ টকা আগবঢ়াইছিল দত্তই৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com