গুৱাহাটীঃ (Guwahati)চাত্ৰিবাৰী হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ডব্লিউ যাদৱক অসম আৰক্ষীৰ জিম্মালৈ অনা

গুৱাহাটীঃ (Guwahati)চাত্ৰিবাৰী হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ডব্লিউ যাদৱক অসম আৰক্ষীৰ জিম্মালৈ অনা

সহকাৰী আৰক্ষী আয়ুক্ত পৃথ্বীৰাজ ৰাজখোৱা নেতৃত্বাধীন আৰক্ষীৰ এটা দলে যাদৱক ৪ দিনৰ বাবে জিম্মাত লৈছে।
Published on

গুৱাহাটীঃ চাত্ৰিবাৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক যোৱা ২৯ আগষ্টত দিল্লীৰ ওখলা মন্দিৰ পৰা ২০২২ চনৰ ২৯ আগষ্টৰ পুৱা ১০.৩০ বজাত গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে নিশা গুৱাহাটীলৈ অনা হয়।

অসম আৰক্ষীৰ এটা দলে তেওঁক পল্টন বজাৰ থানালৈ লৈ যায়।

উল্লেখযোগ্য যে, আজি অৰ্থাৎ ২ ছেপ্টেম্বৰত যাদৱক আদালতত হাজিৰ কৰা হৈছিল।

সহকাৰী আৰক্ষী আয়ুক্ত পৃথ্বীৰাজ ৰাজখোৱা নেতৃত্বাধীন আৰক্ষীৰ এটা দলে যাদৱক ৪ দিনৰ বাবে জিম্মাত লৈছে।

বিহাৰৰ বেগুছৰাইৰ পৰা এই হত্যাকাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত পংকজ কুমাৰক আটক কৰে অসম আৰক্ষীয়ে। পংকজ কুমাৰে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে সমগ্ৰ ঘটনাটো ডব্লিউ যাদৱে পৰিকল্পনা কৰিছিল।

ইয়াত ,এটা কথা মন কৰিবলগীয়া যে যোৱা ২১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ এজন ব্যৱসায়ী অৱদেশ যাদৱক তেওঁৰ বাসগৃহৰ সমীপত বাইক আৰোহী দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল।

মূল অভিযুক্ত ডব্লিউ যাদৱে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে তেওঁ আৰু ভুক্তভোগীৰ মাজত পাৰিবাৰিক মতানৈক্যৰ বাবে তেওঁ হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। এই বক্তব্যৰ আঁৰৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই ভুক্তভোগীৰ পৰিয়ালৰ সৈতে।

অৱশ্যে পূৰ্বে প্ৰকাশ পাইছিল যে সমগ্ৰ ঘটনাটো সম্পত্তিৰ সংঘৰ্ষৰ গোচৰ।

বিহাৰৰ আন তিনিটা হত্যাকাণ্ডৰ গোচৰতো জড়িত ডব্লিউ যাদৱ।

ডব্লিউ যাদৱ দিল্লীত লুকাই আছে বুলি এটা টিপ'ফৰ পিছতে দিল্লী আৰক্ষীয়ে অসম আৰক্ষীৰ এটা ইউনিটৰ সহায়ত ৰেইডিং পাৰ্টিৰ ব্যৱস্থা কৰি ওখলা মন্দিত এটা ফান্দ পেলাই দিয়ে য'ৰ পৰা আৰক্ষীৰ দলে ডব্লিউ যাদৱক তুলি লৈ যায়।

থিতাতে তেওঁৰ পৰা ৩টা লাইভ কাৰ্টিজ থকা .৩১৫ ব'ৰৰ এটা চিংগল শ্বট পিষ্টল উদ্ধাৰ কৰা হয়। প্ৰাপ্ত খবৰ মতে, একাধিক গুলীত আঘাতপ্ৰাপ্ত আৱদেশ কুমাৰৰ মৃত্যু হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

এই অপৰাধত ব্যৱহৃত বাইকখন অসমৰ দৰং জিলাৰ এজন মহম্মদ আব্বাছৰ নামত পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com