এজাক বৰষুণতে গুৱাহাটীত কৃটিম বানপানী : তীব্ৰ যান-জঁট গুৱাহাটীৰ বিভিন্ন পথত

এজাক বৰষুণতে গুৱাহাটীত কৃটিম বানপানী : তীব্ৰ যান-জঁট গুৱাহাটীৰ বিভিন্ন পথত
Published on

শুকুৰবাৰে পুৱা অহা এজাক মুষলধাৰ বৰষুণত ফলত গুৱাহাটীত কৃটিম বানপানী সৃষ্টি হয়। তীব্ৰ গৰমৰ পাছত মহানগৰবাসীয়ে আজিৰ বৰষুণজাকে কিছু সকাহ লাভ কৰিছে যদিও কৃটিম বানপানীয়ে জলাকলা খোৱাইছে মহানগৰবাসীক । আজিৰ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন পথত পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হয় । কৃটিম বানপানীৰ ফলত মহানগৰ বাসীৰ স্বাভাৱিক জীৱন যাত্ৰাত যথেষ্ট অসুবিধা সন্মুখীন হয়।

গুৱাহাটী মহানগৰৰ গুৰুত্বপূৰ্ণ অঞ্চল জি এচ ৰোড, নবিন নগৰ, তৰুণ নগৰ, চান্দমাৰি কলনি , আৰ জি বৰুৱা ৰোডত একাঠু পানী হোৱাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । কৃটিম বানপানীৰ ফলত মহানগৰত অতিমাত্ৰা যান-জঁটৰ সৃষ্টি হোৱাৰ ফলত সময়ত কাৰ্যালয়ৰ লগতে বিদ্যালয় , মহাবিদ্যালয়ত পলমকৈ উপস্থিত হব লগা হৈছে ।

উল্লেখযোগ্য যে, বৃহস্পতি বাৰে গুৱাহাটীত এইবাৰৰ সৰ্বাধিক উষ্ণতা আছিল । ৩৬ ডিগ্ৰী চেলচিয়াচ আছিল বৃহস্পতি বাৰে । গুৱাহাটীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ইটানগৰ , আগৰতলাতো উষ্ণতা ৩৫ ডিগ্ৰী চেলচিয়াচ আছিল । বৃহস্পতি বাৰৰ এই অতিমাত্ৰা উষ্ণতাক কমাই শুকুৰবাৰে মুষলধাৰ বৰষুণজাকে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰা মতে কিছুমান অঞ্চলত আগন্তুক ৯৬ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰয়ে বৃহস্পতি বাৰে দ্যা ৱেডাৰ ফ'ৰকাষ্ট ৰিপোৰ্টত প্ৰকাশ কৰিছে যে ধুমুহা বতাহৰ লগতে ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে । উত্তৰ পূৰ্বাঞ্চলৰ অসম, মেঘালয়, নাগালেণ্ড, মনিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ দিয়াৰ লগতে ব্ৰজপাতৰ সম্ভাৱনা আছে।

সমগ্ৰ ৰাজ্যতে বাৰিষাৰ এয়া আৰম্ভণিহে অনাগত দিনত অধিক বৰষুণ হব । সেয়েহে বানপানীৰ পূৰ্বে গ্ৰহণ কৰিব লগিয়া ব্যবস্থা সমূহ গ্ৰহণ কৰিব লাগে ।কামৰূপ মেট্ট’ জিলা প্ৰশাসনে বাৰিষাৰ সময়ত যাতে যাত্ৰী তথা লোকসকলে যিকোনো দুৰ্ঘটনাৰ সন্মুখীন নহয়, তাৰ কাৰণে বাৰিষাৰ প্ৰাকমূহুৰ্তেই যাৱতীয় কাম কাজ কৰিবলৈ ককাঁলত টঙালী বান্ধিছে ৷ গুৱাহাটী নগৰ নিগমত প্ৰথম পৰ্যায়ত ৩৩০ টা নলাৰ চাফাই কাম সম্পূৰ্ণ হৈছে যদিও দ্বিতীয় পৰ্যায়ৰ চাফাই অভিযানৰ প্ৰক্ৰিয়া চলি আছে ৷ এই অভিযানৰ অন্তৰ্গতত ভৰলুমুখ,শিলসাকোঁ বিল,দীপৰ বিল,বাহিনী নদী,মৰা ভৰলুত চাফাই অভিযান কৰা হ’ব ৷

গুৱাহাটীত কৃটিম বানপানী ৰোধ কৰিবলৈ নলা সমূহ পৰিস্কাৰ কৰা হৈছে যদিও বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই । এতিয়া গুৱাহাটীবাসীৰ বাবেই বৰষুণ মানেই যেন অভিশাপ হৈ পৰিছে । কৃটিম বানপানীৰ লগতে উন্মুক্ত অবস্থাত থকা বিদুৎ পৰিবাহী তাঁৰত লাগি বিগত বৰ্ষত বহুতো লোকৰ মৃত্যু হৈছিল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com