বি টি এ ডিত ৰাজ্যপালৰ শাসনঃ বি পি এফৰ আবেদন খাৰিজ

এই আবেদন খাৰিজ কৰি ন্যায়ালয়ে বি টি এ ডিত আৰু অতিৰিক্ত ছমাহৰ বাবে ৰাজ্যপাল শাসন বাহাল থাকিব বুলি উল্লেখ কৰে।
বি টি এ ডিত ৰাজ্যপালৰ শাসনঃ বি পি এফৰ আবেদন খাৰিজ

বি টি এ ডিত আৰোপিত ৰাজ্যপালৰ শাসনক প্ৰত্যাহ্বান জনাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফে দাখিল কৰা আবেদন খাৰিজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বি পি এফৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে দাখিল কৰা এই আবেদন খাৰিজ কৰি ন্যায়ালয়ে বি টি এ ডিত আৰু অতিৰিক্ত ছমাহৰ বাবে ৰাজ্যপাল শাসন বাহাল থাকিব বুলি উল্লেখ কৰে। এই আবেদন বি টি এ ডিৰ ৰাজ্যপালৰ শাসন অন্ত পেলোৱাৰ বাবে নিৰ্দেশ জাৰিৰ বাবে বি পি এফ নেতাজনে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল।  উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত সময়মতে বি টি এ ডিত নিৰ্বাচন অনুষ্ঠিত নহ'ল। বি টি চিৰ কাৰ্যকাল অন্ত পৰাত চলিত বৰ্ষৰ এপ্ৰিলত ৰাজ্যপালে বি টি এ ডিৰ দায়িত্ব নিজৰ হাতলৈ নিয়ে। বি টি এ ডি ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ মুৰব্বী হৈছে ৰাজ্যপাল।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com