হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ১০ টা স্থান দখল ৩৯ গৰাকী পৰীক্ষাৰ্থী: ছেবাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰীৰ সংবাদমেল

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ১০ টা স্থান দখল ৩৯ গৰাকী পৰীক্ষাৰ্থী: ছেবাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰীৰ সংবাদমেল
Published on

আজি ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা ফলাফল । ফলাফল ঘোষণা কৰাৰ পাছতে ছেবাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে প্ৰকাশ কৰে যে এইবাৰ কোনো গ্ৰেছ মাৰ্ক দিয়া হোৱা নাই বুলি প্ৰকাশ কৰে। বেচৰকাৰী বিদ্যালয়ে ভাল ফলাফল পদৰ্শন কৰিছে । ৰাজ্যৰ ২৭৬০ খন বেচৰকাৰী বিদ্যালয়ৰ ভিতৰত ৪৯১ খনৰে ১০০ শতাংশ উত্তীৰ্ণ হৈছে । আনহাতে ৬৫ খন চৰকাৰী বিদ্যালয়ৰ ১০০ শতাংশ উত্তীৰ্ণ হৈছে এইবোৰ বুলি প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে।

শীৰ্ষ ১০ টা স্থানত ৩৯ গৰাকীয়ে পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হৈছে । এইবাৰ ধেমাজিত উত্তীৰ্ণ হাৰ সৰ্বাধিক । ধেমাজিৰ উৰ্ত্তীৰ্ণ হাৰ ৮৩.২৮ শতাংশ । সৰ্বনিম্ন উত্তীৰ্ণ হাৰ হৈছে হাইলাকান্দিত। হাইলাকান্দিত উত্তীৰ্ণ হাৰ ৩৯.০১ শতাংশ ।

যোৱা বছৰ ওদালগুৰিত উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন আছিল। এইবাৰ পূৰ্বৰ তুলনাত ওদালগুৰি জিলাৰ ফলাফল ভাল হৈছে বুলি প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে।

আনহাতে ৭ হাজাৰ বিদ্যালয়ৰ ভিতৰত শূণ্যৰ পৰা ৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা বিদ্যালয়ৰ সংখ্যা হৈছে ২৮৯ খন । ইয়াৰ ভিতৰত চৰকাৰী বিদ্যালয়ৰ সংখ্যা হৈছে ৩৭ খন । ই এক চিন্তনীয় বিষয় বুলি মন্তব্য কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে ।

সংবাদমেলতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে কয় যে ফলাফলৰ সন্দৰ্ভত উৰা বাতৰি বিয়পোৱা গ্ৰুপে সমুহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব । যদি সংবাদ কৰ্মী জৰিত, তেতিয়া তদন্তৰ আওতালৈ আহিব সংবাদ কৰ্মীও। আনহাতে ওৱাচাপৰ গ্ৰুপে সমূহ পৰীক্ষা কৰা হব বুলি প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে ।অসম আৰক্ষীৰ সহায়ত চাইবাৰ ক্ৰাইমৰ শাখাৰ যোগেদি ছছিয়েল মেডিয়াৰ লগতে ওৱাচাপ গ্ৰুপ সমূহ উৰাবাতৰি বিয়পিওৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে শিক্ষামন্ত্ৰী য়ে। লগতে তেওঁ প্ৰকাশ কৰে যে সময়তকৈ আগতে ছছিয়েল মেডিয়াত ফলাফল প্ৰকাশ কৰাৰ বিৰুদ্ধে অনুসন্ধান চলাব ।

লগতে শিক্ষামন্ত্ৰীয়ে শীৰ্ষ স্থান দখল কৰা ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰে । ধেমাজিয়ে শীৰ্ষ স্থান দখল কৰি পূৰ্বৰ স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে বুলি প্ৰকাশ কৰে শিক্ষামন্ত্ৰীয়ে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com