কুনোৰ দুৰ্ঘটনাৰ পাছত বাতিল কৰা হ'ল লাচিত ঘাটত অনুষ্ঠিত হ'ব লগীয়া আকাশী প্ৰদৰ্শন

কুনোৰ জিলাত সংঘটিত হোৱা শুকাবহ দুৰ্ঘটনাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় বায়ু সেনাই বাতিল কৰিছে এই বিশেষ কাৰ্যসূচী
কুনোৰ দুৰ্ঘটনাৰ পাছত বাতিল কৰা হ'ল লাচিত ঘাটত অনুষ্ঠিত হ'ব লগীয়া আকাশী প্ৰদৰ্শন

অহা ১২ডিচেম্বৰ তাৰিখে, ১৯৭১চনত হোৱা ভাৰত - পাকিস্তানৰ যুদ্ধত ভাৰতৰ বিজয় অনুসৰি উদযাপন কৰা "স্বৰ্ণিম বিজয় বৰ্ষ"ই সম্পূৰ্ণ কৰিব ৫০টা বছৰ। এই বিশেষ দিনৰ উদযাপন অনুযায়ী গুৱাহাটীৰ, লাচিত ঘাটত এক বিশেষ আকাশী প্ৰদৰ্শন অনুষ্ঠিত কৰাৰ পইকল্পনা কৰিছিল ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয়ে।

কিন্তু যোৱা বুধবাৰ, ৮ডিচেম্বৰ তাৰিখে তামিল নাডুৰ, কুনোৰ জিলাত সংঘটিত হোৱা এম আই - ১৭ভী৫ ৰ শুকাবহ দুৰ্ঘটনাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় বায়ু সেনাই (IAF) বাতিল কৰিছে এই বিশেষ কাৰ্যসূচী।

যোৱা কালি কুনোৰ জিলাত সংঘটিত হোৱা এই ভয়ংকৰ দূৰ্ঘটনাত সংৰক্ষণ বাহিনীৰ মুখ্য জেনেৰেল বিপিন ৰাৱত আৰু তেওঁৰ পত্নী মধুলিকাকে ধৰি নিহত হৈছে মুঠ ১৩গৰাকীকৈ লোক।

কুনোৰত সংঘটিত হোৱা এই শুকাবহ দূৰ্ঘটনাত নিহত হোৱা লোক সকলৰ পৰিয়ালৰ প্ৰতি নিজৰ সমৰ্থন আৰু সহানুভূতি জনাইছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে। এই কঠোৰ সময়ত মৃতক পৰিয়ালৰ সৈতে একেলগে থিয় দিছে ভাৰতীয় বায়ু সেনাৰ আৰু ইয়াৰ লগতে মৃতক সকলৰ আত্মাৰ সদগতিৰ হেতু প্ৰাৰ্থনা কৰিছে।

সংৰক্ষণ বাহিনীৰ মুখ্য জেনেৰেল বিপিন ৰাৱত এনে আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰি উত্তৰাখণ্ড চৰকাৰে ঘোষণা কৰিছে ০৩ দিনীয়া শোক প্ৰকাশ কাৰ্যসূচী, যাৰ আৰম্ভণি হৈছে আজি ০৯ডিচেম্বৰ তাৰিখৰ পৰা। উল্লেখযোগ্য যে মৃতক অন্তিম ক্ৰিয়া সমাপন কৰা হ'ব নতুন দিল্লী ছাঊনীত।

এম আই - ১৭ভী৫ আছিল এখন ৰাছিয়াত নিৰ্মিত হেলিকপ্টাৰ। সংৰক্ষণ বাহিনী ষ্টাফ মহাবিদ্যালয়ৰ দিশে উৰা মৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰ খন। ভাৰতীয় বায়ু সেনা বাহিনীৰ অনুসৰি হেলিকপ্টাৰ খনত উপস্থিত কেৱল দলৰ অধিনায়ক কেপ্টেইন বৰুণ সিং জীৱন্ত অৱস্থাত আছে। কেপ্টেইন গৰাকী বৰ্তমান ৱেলিংটনৰ মিলিটাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

"স্বৰ্ণিম বিজয় বৰ্ষ"ই সম্পূৰ্ণ কৰিব ৫০বছৰীয়া উদযাপনৰ হেতু ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয়ে গুৱাহাটীৰ, লাচিত ঘাটত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল এক বিশেষ আকাশী প্ৰদৰ্শনৰ। জনোৱা হৈছিল যে এই আকাশী প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব পৰা হ'ল হয় ব্ৰহ্মপুত্ৰৰ পাৰ পোৱাৰ ধৰি বিভিন্ন স্থানৰ পৰা।

এই অনুষ্ঠানৰ লগতে পৰিকল্পনা কৰা হৈছিল বিভিন্ন আকাশী জাহাজৰ দ্বাৰা ফ্লাইপাষ্টৰ লগতে ভাৰতীয় বায়ু সেনা বাহিনীৰ আকাশ গঙ্গা দলৰ দ্বাৰা স্কাই ডাইভিং কৰাৰ। ইয়াৰ লগতে আছিল সূৰ্যকিৰণ এৰোবেটিক দলৰ (SKAT) ৰ এক প্ৰদৰ্শন আৰু নিন্ম খাপৰ এৰোবেটিক প্ৰদৰ্শন কৰিলে হয় ভাৰিতীয় বায়ু সেনাৰ এছ ইউ ৩০এম কে আই দ্বাৰা।

এই অনুষ্ঠানৰ মূখ্য অতিথি আছিল অসমৰ ৰাজ্যপাল, প্ৰফেছাৰ জগদীশ মুখি। অন্য অতিথি সকল আছিল সেনা বাহিনীৰ বিষয়া সকল, প্ৰাক্তন বায়ু সেনা বিষয়া, আৰু সাধাৰণ নাগৰিক সকল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com