খানাপাৰ বন বিষয়ায়ে জব্দ কৰিলে অবৈধ বালি ভৰ্তি ট্ৰাক

খানাপাৰ বন বিষয়ায়ে জব্দ কৰিলে অবৈধ বালি ভৰ্তি ট্ৰাক
Published on

গুৱাহাটী বন ৰেঞ্জৰ খানাপাৰা বন বিষয়ায়ে অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰে। বন বিষয়া প্ৰহ্লাদ গায়নে বালি ভৰ্তি ট্ৰাক জব্দ কৰে । শুকুৰবাৰে পুৱা ৩.৩০ বজাত দিছপুৰ আৰক্ষী থানাৰ অধিনত বেলতলা চাৰ্ভেৰ পৰা এই বালি ভৰ্তি ট্ৰাক সমুহ জব্দ কৰে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে ট্ৰাক খন চয়গাঁওৰ কুকুৰমাৰা অঞ্চলৰ দিশৰ পৰা আহিছিল । ট্ৰাক খনৰ নম্বৰ হৈছে - As-01-8012 । ২০১৩ চনৰ নীতি উলংঘা কৰাৰ বাবে জব্দ কৰা হয় ট্ৰাক কেইখন । ট্ৰাক কেইখনৰ প্ৰয়োজনীয় নথিপত্ৰৰ অবিহনে ভৰ্তি বালি কঢ়িয়াই নিছিল ।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে শিল বালি কঢ়িয়াই নিয়া অবৈধ ট্ৰাক জব্দ কৰা হয় । কিন্তু তাৰ পাছতো অবাধে এনেদৰে শিল বালি ভৰ্তি ট্ৰাক চলাচল কৰি থকা পৰিলক্ষিত হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com