'তেল ছুৰা'ৰ অভিনেতা জিতুল ৰাজবংশীৰ অকাল বিয়োগ

মৃত্যুৰ সময়ত ৰাজবংশীৰ বয়স হৈছিল মাথোঁ ২৬ বছৰ ৷ তেওঁ তামুলপুৰৰ এখন স্কুলৰ টে'ট শিক্ষকো আছিল ৷
'তেল ছুৰা'ৰ অভিনেতা জিতুল ৰাজবংশীৰ অকাল বিয়োগ

ভয়চ অসমৰ জনপ্ৰিয় ইউটিউব ছিৰিজ 'তেল ছুৰা'ৰ অভিনেতা তথা চিত্ৰনাট্যকাৰ জিতুল ৰাজবংশীৰ যোৱা নিশা অকাল বিয়োগ ঘটে ৷ প্ৰাপ্ত তথ্য অনুসৰি বিগত কিছুদিন ধৰি ৰাজবংশী গুৱাহাটীস্থিত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল।

তাত চিকিৎসাধীন অৱস্থাত মঙলবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত ৰাজবংশীৰ বয়স হৈছিল মাথোঁ ২৬ বছৰ ৷ তেওঁ তামুলপুৰৰ এখন স্কুলৰ টে'ট শিক্ষকো আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com