যোৰহাট নগৰত সম্পূৰ্ণ তলাবন্ধঃ কি আছে নীতি-নিৰ্দেশনাত !

অহা ৯ জুলাই তথা বৃহস্পতিবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিছে।এই তলাবন্ধ ১৫জুলাইলৈকে বলবত থাকিব।
যোৰহাট নগৰত সম্পূৰ্ণ তলাবন্ধঃ কি আছে নীতি-নিৰ্দেশনাত !
Published on

ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত যোৰহাট জিলা প্ৰশাসনে সদৰ নগৰত অহা ৯ জুলাই তথা বৃহস্পতিবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিছে।এই তলাবন্ধ ১৫জুলাইলৈকে বলবত থাকিব। সেই অনুসৰি তলাবন্ধৰ সময়ছোৱাত বলবত হ'বলগা কেতবোৰ নীতি-নিৰ্দেশনা প্ৰশাসনে জাৰি কৰিছে। জিলা উপায়ুক্ত ৰোস্নি কৰাটীয়ে নিম্নোক্ত নীতি-নিৰ্দেশাৱলী জাৰি কৰিছেঃ

১) তলাবন্ধ বলবত হোৱাৰ পাছৰে পৰা সকলো ব্যক্তিৰে ৰাজহুৱা স্থানত চলন-ফুৰণ সম্পূ্ৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

২) আতিথ্য খণ্ডৰ সকলো সেৱা বাতিল কৰা হৈছে।

৩) সকলো শিক্ষানুষ্ঠান, কোচিং কেন্দ্ৰ, গৱেষণা প্ৰতিষ্ঠান, প্ৰশিক্ষণ প্ৰতিষ্ঠান বন্ধ থাকিব।

৪) সকলো ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব।

৫) ৰাজহুৱা উপাসনাস্থলী বন্ধ থাকিব।

৬) কোনো ধৰ্মীয় সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব।

৭) সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব।

৮) সকলো ৰাজহুৱা পৰিবহন ব্যৱস্থা বাতিল কৰা হৈছে।

৯) ৰাজহুৱা স্থানত থু-পিক পেলোৱাটো নিষিদ্ধ কৰা হৈছে। এই নিয়ম উলংঘাকাৰীক আইন অনুসৰি শাস্তি বিহা হ'ব।

১০) সুৰা বিক্ৰী আৰু পান নিষিদ্ধ কৰা হৈছে। একেদৰে গুটখা বিক্ৰী তথা ভক্ষণ, পান, ধঁপাত আদি বিক্ৰী নিষিদ্ধ কৰা হৈছে। নিৰ্দেশনা উলংঘাকাৰীক শাস্তি বিহা হ'ব।

অৱশ্যে সকলো জৰুৰী সেৱা, আৰক্ষী, প্ৰতিৰক্ষা বাহিনীক এই নীতি-নিয়ম অথবা নিষেধাজ্ঞাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com