কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ অম্বুবাছী মেলাৰ কাৰণে বিশেষ পদক্ষেপ

কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ অম্বুবাছী মেলাৰ কাৰণে বিশেষ পদক্ষেপ
Published on

কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ২২ পৰা ২৬ জুনলৈ হ’ব লগা অম্বুবাছী মেলাৰ কাৰণে কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে। কামাখ্যা মন্দিৰ দৰ্শনৰ কাৰণে অহা লাখ লাখ ভক্তক সুৰক্ষা কৰাৰ কাৰণে সাজু হৈছে প্ৰশাসন ৷ কামাখ্যা মন্দিৰত হ’ব লগা অম্বুবাচী মেলাত বিভিন্ন ঠাইৰ পৰা ভক্তসকল অহাৰ সম্ভাৱনা আছে ৷

গতিকে পাণ্ডু ষ্টেশ্যন,নাহৰবাৰী,বাৰিপাৰা আৰু ফেন্সী বজাৰক আশ্ৰয় শিবিৰ স্থল হিচাপে চিহ্নিত কৰিছে ৷ ইফালে, উপায়ুক্তই মহানগৰীক পৰিস্কাৰ কৰাৰ দায়িত্ব কামাখ্যা দেৱালয়,গুৱাহাটী পৌৰ সভাক অৰ্পণ কৰিছে ৷ লগতে,স্বাস্থ্য সম্বন্ধীয় বিষয়ত মন্দিৰৰ আশে পাশে চিকিৎসক দল উপস্থিত থাকিব।

ইফালে বিদ্যুত বিভাগক সকলো ক্ষেত্ৰতে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে অসম ৰাজ্যিক পৰিবহন নিগমক তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে বাছৰ বৃদ্ধিৰ কাৰণে আহ্বান কৰে ৷ আৰু তীৰ্থ যাত্ৰীসকলক পৰ্যাপ্ত পৰিমাণে শৌচালয়ে নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক ।

উল্লেখ্য যে উপায়ুক্ত বিশ্বজিৎ পেগুৱে চিচিটিভি কেমেৰা লগাবৰ কাৰণে আহ্বান কৰাৰ লগতে ট্ৰেফিকৰ ব্যৱস্থা কৰিবলৈও কয়। লগতে মহিলাসকলৰ সুৰক্ষাৰ কাৰণে মহিলা সুৰক্ষা কৰ্মী,স্কাউট গাইড আৰু এনচিচিৰ ব্যৱস্থা কৰিবলৈ কয় উপায়ুক্তই।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com