কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰাৰ দাবী অভিভাৱক সকলৰ

কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰাৰ দাবী অভিভাৱক সকলৰ
Published on

গুৱাহাটী খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ অভিভাৱক ঐক্যয়ে নতুন দিল্লীৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ অধ্যক্ষলৈ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ।

অভিভাৱক সকলে পত্ৰ খনত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ অধ্যক্ষক অবগত কৰে যে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ অধক্ষ্য আৰু বিদ্যালয় কতৃপক্ষয়ে অসমীয়া ভাষা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অসমীয়া ভাষাৰ শিক্ষাদান কৰিবলৈ সন্মত হৈছে বুলি প্ৰকাশ কৰে । পত্ৰ খনত প্ৰথম শ্ৰেনীৰ পৰা অসমীয়া ভাষাৰ শিক্ষা আৰম্ভ কৰিবলৈ দাবী জনাই । খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাদান কৰাৰ ব্যৱস্থা কৰাটো বিৰোধিতা কৰে অভিভাৱক মঞ্চয়ে ।

খানাপাৰা কেন্দ্ৰীয় বিদ্যালয় অধক্ষ্যয়ে অভিভাৱক সকলক প্ৰকাশ কৰে যে অতিৰিক্ত অসমীয়া অথবা আন বিষয়াৰ শিক্ষাদান কৰিব যদি ১৫ তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা প্ৰকাশ কৰে। ২০১৯ চনৰ ২৯ মাৰ্চত নতুন দিল্লী কেন্দ্ৰীয় বিদ্যালয়ৰ অধক্ষ্যয়ে এখন পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰখনত স্পষ্ট কৰি দিছে যে অসমীয়া ভাষাৰ শিক্ষাদান কৰাটো বিদ্যালয়ৰ বাবে প্ৰধান গুৰুত্ব নহয় ।

আনহাতে সদৌ অসম ছাত্ৰ সন্থায়ে বিদ্যালয় সমূহত অসমীয়া ভাষাক অবজ্ঞা কৰাটো কোনো কাৰণতে সহ্য কৰা নহয় । আছুয়ে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ কতৃপক্ষক প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ দাবী জনাই ।

অসম সাহিত্য সভায়ো অসমীয়া ভাষাৰ বাধ্যতামূলক কৰিবলৈ দাবী জনাই ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com