ক'ৰ'না মহামাৰীঃ কোকৰাঝাৰবাসীৰ কামৰূপ(ম) ভ্ৰমণ বাৰণ জিলা প্ৰশাসনৰ

প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে জিলা উপায়ুক্তই এনেধৰণৰ এক নিৰ্দেশনা জাৰি কৰিছে।
ক'ৰ'না মহামাৰীঃ কোকৰাঝাৰবাসীৰ কামৰূপ(ম) ভ্ৰমণ বাৰণ জিলা প্ৰশাসনৰ
Published on

ক'ৰ'না মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত আৰোপ কৰা তলাবন্ধৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী তথা কামৰূপ(মহানগৰ) জিলা ভ্ৰমণত কোকোৰাঝাৰবাসীক বাৰণ কৰিছে জিলাখনৰ প্ৰশাসনে।একেদৰে কামৰূপ(মহানগৰ)জিলাৰ পৰা কোনো লোক যোৱাটো বাৰণ কৰিছে কোকৰাঝাৰ প্ৰশাসনে। প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্য়ে জিলা উপায়ুক্তই এনেধৰণৰ এক নিৰ্দেশনা জাৰি কৰিছে। উপায়ুক্তৰ এই নিৰ্দেশনাত কোৱা হয়, " কামৰূপ(মহানগৰ)জিলাৰ পৰা কোকৰাঝাৰ জিলালৈ মানুহ অহাত আৰু কোকৰাঝাৰৰ পৰা কামৰূপ(মহানগৰ)জিলালৈ মানুহ যোৱাত বাৰণ কৰাটো প্ৰয়োজন অনুভৱ কৰা হৈছে"।উপায়ুক্তৰ নিৰ্দেশনাটোত লগতে কোৱা হয়, " পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মই জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষৰূপে ২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৩৪ ধাৰাৰ ক্ষমতা প্ৰয়োগ কৰি কামৰূপ(মহানগৰ) জিলাৰ পৰা কোকৰাঝাৰলৈ মানুহ অহাত আৰু কোকোৰাঝাৰৰ পৰা কামৰূপ(মহানগৰ)জিলালৈ মানুহ যোৱাতো বাৰণ কৰিছো"।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com