ক'ৰ'নাঃ শিৱসাগৰৰ আমগুৰিত ৰাইজে ঘোষণা কৰিলে তলাবন্ধ

ক'ৰ'নাঃ শিৱসাগৰৰ আমগুৰিত ৰাইজে ঘোষণা কৰিলে তলাবন্ধ

এই তলাবন্ধ ঘোষণাৰ ক্ষেত্ৰত স্থানীয় ব্যৱসায়ী সংস্থাই মুখ্য ভূমিকা পালন কৰে।
Published on

চৰকাৰ-প্ৰশাসনে নহয়, সিৱসাগৰৰ আমগুৰি নগৰত ৰাইজে ঘোষণা কৰিলে তলাবন্ধ। মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমগুৰিত ৰাইজে তলাবন্ধ বা লক-ডাউন ঘোষণা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি আজি মহলবাৰৰ পৰা স্থানীয় ৰাইজে তিনিদিনৰ বাবে আমগুৰি নগৰত তলাবন্ধ ঘোষণা কৰিছে। এই তলাবন্ধ ঘোষণাৰ ক্ষেত্ৰত স্থানীয় ব্যৱসায়ী সংস্থাই মুখ্য ভূমিকা পালন কৰে।

এই কথা সদৰী কৰি শিৱসাগৰৰ আৰক্ষী অধীক্ষক অভিজিত সিনহাই দ্য ছেণ্টিনেল ডিজিটেলক কয় যে প্ৰশাসনে নীতি-নিয়মাৱলীৰ উপৰি আমগুৰিৰ স্থানীয় ৰাইজে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য দোকান-পোহাৰ বন্ধ ৰখাৰ নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে মানুহৰ মাজত যোগাযোগ হ্ৰাস কৰা। আৰ৭ী অধীক্ষক সিনহাই জনোৱা মতে, জিলাখনত নিতৌ সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ কাৰ্ফিউ পালন কৰি থকা হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com