ৰাজ্যিক বাতৰি
ৰোহমৰীয়াত চলি থকা খহনীয়া কামৰ অগ্ৰগতিৰ পৰ্যালোচনা
অসমৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই দেওবাৰে ৰোহমৰীয়াত কামৰ অগ্ৰগতিৰ বুজ লয়
ডিব্ৰুগড়ঃ অসমৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই দেওবাৰে ৰোহমৰীয়াত কামৰ অগ্ৰগতিৰ বুজ লয়। লুকাছুনেৰ পৰা লিটিং গাঁওলৈকে চলি থকা খহনীয়া বিৰোধী কামৰ বাবে ১৫.৩৫ কোটি টকা আবণ্টন দিয়া হৈছিল। আন এটা প্ৰকল্পৰ বাবে অকলেণ্ডলৈ নাগাখুলি শক্তিশালী কৰাৰ বাবে ৪৬.৬০ কোটি টকা আবণ্টন দিয়া হৈছিল।সময়মতে কাম সম্পূর্ণ কৰিবলৈ কামবোৰ পূৰ্ণগতিত চলি আহিছে।সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাজৰিকাই কয় যে, "মই কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ ঠাইখনলৈ গৈছো। আমাৰ চৰকাৰে খহনীয়া সমস্যা সমাধানৰ বাবে বদ্ধপৰিকৰ।"

