ব্ৰহ্মপুত্ৰত যাত্ৰীবাহী নাও উটি যোৱাৰ ফলত ১০ জনতকৈ অধিক লোক নিৰুদ্দেশ; উদ্ধাৰ অভিযান অব্যহত আছে

ধুবুৰী চক্ৰ বিষয়াৰ লগতে একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই।১৫ জন লোকক উদ্ধাৰ কৰা হৈছে
ব্ৰহ্মপুত্ৰত যাত্ৰীবাহী নাও উটি যোৱাৰ ফলত ১০ জনতকৈ অধিক লোক নিৰুদ্দেশ; উদ্ধাৰ অভিযান অব্যহত আছে

ধুবুৰীঃ বৃহস্পতিবাৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীত এজন প্ৰশাসনিক বিষয়াকে ধৰি ১০ জনতকৈ অধিক লোকক কঢ়িয়াই অনা কাঠৰ নাওখন উটি যোৱাৰ ফলত সূত্ৰহীন হৈ আছে।

ধুবুৰীৰ পৰা ৩ কিলোমিটাৰ নিলগত পুৱাৰ ভাগত একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ৩০ জনতকৈ অধিক লোক কঢ়িয়াই নিয়া নাওখন দূৰ্ঘটনাগ্ৰস্ত হয়।

হঠাতে , প্ৰবল নৈখনত নাওখন কিবা এটাত খুন্দা মাৰে আৰু প্ৰচণ্ড পানীৰ সোঁতৰ মাজতে উটি যায়।

ধুবুৰী চক্ৰ বিষয়া চন্জু দাসৰ সৈতে তেওঁৰ দুজন সহায়ক নাওখনত উঠি খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰিবলৈ গৈ আছিল।

বিষয়াগৰাকীৰ উপৰিও নাওখনত থকা দুই এজন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও নিৰুদ্দেশ হৈ আছে।

স্থানীয় বাসিন্দাসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে  চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ পৰাও ডুবাৰুসকলক থিতাতে নিয়োগ কৰে।

নাওখনত উঠি অহা এজন দুৰ্যোগ ব্যৱস্থাপনা বিষয়া আৰু জিলা পৰিষদৰ এজন সদস্যকো উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ইয়াৰ ভিতৰত আছে ভিক্টৰ সাহা, বেবী বেগম, আয়নাল হোক, আব্দুছ চালাম।

দুই এজন যাত্ৰীয়ে সাঁতুৰি নিৰাপদ স্থানলৈ যাবলৈ সক্ষম হোৱাৰ বিপৰীতে আন দুই এজনক স্থানীয় বাসিন্দা আৰু এছ ডি আৰ এফ ডুবাৰুৱে উদ্ধাৰ কৰে।

কিন্তু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু চক্ৰ বিষয়াক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু স্থানীয় লোকে উদ্ধাৰ অভিযানত চলাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানসকলে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ,২০১২ চনত একেখন জিলাৰ ব্ৰহ্মপুত্ৰ নদীত প্ৰায় ২৫০ জন লোক কঢ়িয়াই নিয়া এখন ডাবল ডেক নাও উটি যোৱাৰ ফলত মহিলা আৰু শিশুসহ প্ৰায় ১০৩ জন লোকৰ পানীত ডুব গৈছিল আৰু ১০০ জনতকৈ অধিক লোক নিৰুদ্দেশ হৈছিল।

প্ৰবল ধুমুহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

ধুবুৰীঘাটত প্ৰায় ২৫ জন লোকে সাঁতুৰি নিৰাপদ স্থানলৈহে যাবলৈ সক্ষম হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com