ব্ৰহ্মপুত্ৰত উটি আহে ৪০ টা ম'হ : এনডিআৰএফৰ তৎপৰতা উদ্ধাৰ মহ কেইটা

ব্ৰহ্মপুত্ৰত উটি আহে ৪০ টা ম'হ : এনডিআৰএফৰ তৎপৰতা উদ্ধাৰ  মহ কেইটা
Published on

ব্ৰহ্মপুত্ৰত আজি উটি আহে প্ৰায় ৪০ টা কৈ ম'হ। খাদ্যৰ সংকটত উটি অহাৰ ধাৰনা কৰিছে ম'হ কেইটা। আজি প্ৰায় ১২ বজাত উটি অহা পশুধন কেইটা প্ৰথমে প্ৰত্যক্ষ কৰে এন.ডি.আৰ.এফে। তাৰ পাছত এন.ডি.আৰ এফৰ তৎপৰতা মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত ব্ৰহ্মপুত্ৰয়ে দি উটি অহা ৪০ টাকৈ মহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এ.ডি.আৰ.এফৰ কতৃপক্ষয়ে প্ৰকাশ কৰে যে উজনবজাৰৰ ঘাটৰ সমীপত মহ কেইটা দেখা মাত্ৰকে তেওঁলোকে উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল।প্ৰায় এক ঘণ্টাৰ চেষ্টাৰ পাছত পাৰত তুলিবলৈ সক্ষম হয় ম'হৰ জাকটো।

আনহাতে ম'হ জাকটোৰ উদ্ধাৰ কৰাৰ পাছতে এনডিআৰএফে নদী আৰক্ষীৰ খবৰ দিয়ে ।বৰ্তমান শুক্ৰেশ্বৰ মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰৰ পাৰত নদী আৰক্ষীৰ তত্বাৱধানত আছে উদ্ধাৰ হোৱা মহৰ জাকটো।

আনহাতে এনডিআৰএফে কামৰূপ(ম) জিলা প্ৰশাসনকো অৱগত কৰিছে বুলি জানিবলৈ দিছে। নদী আৰক্ষীৰ উপস্থিত হোৱাৰ পাছতে ব্ৰহ্মপুত্ৰত পাৰত থকা ম'হৰ খুটি সমূহলৈ খবৰ দিয়া হৈছে বুলি জানিবলৈ দিছে। বৰ্তমানলৈকে গৰাকী ওলোৱা নাই উদ্ধাৰ কৰাৰ মহৰ জাকটো।

উল্লেখ যে উটি অহা ম'হৰ জাকটোৰ ভিতৰত বহুকেইটা পোৱালিও আছে।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com