''নেতাজীয়ে দেশপ্ৰেম আৰু জাতীয়তাবাদৰ সাৰ্থক ৰূপ দিছিল'' মুখ্যমন্ত্ৰী

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মদিন উদযাপনত অংশগ্ৰহণ কৰে
''নেতাজীয়ে দেশপ্ৰেম আৰু জাতীয়তাবাদৰ সাৰ্থক ৰূপ দিছিল'' মুখ্যমন্ত্ৰী

গুৱাহাটীঃ পল্টন বজাৰৰ নেতাজী চ'কত সদৌ অসম নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মদিন উদযাপনৰ অনুষ্ঠানত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ব্যক্তিত্ব হিচাপে উচ্চতম স্তৰৰ দেশপ্ৰেম আৰু জাতীয়তাবাদৰ সাৰ্থকতা আৰু জাতিটোৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি তেওঁৰ অৱদান অপৰিসীম আৰু অতুলনীয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি নেতাজীৰ অৱদানক বৌদ্ধিক মহল আৰু সমসাময়িক ইতিহাসবিদৰ এটা অংশই হয় সচেতনভাৱে বা অৱচেতনভাৱে তুচ্ছজ্ঞান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ঐতিহাসিক ভুলসমূহ দূৰ কৰিবলৈ অদম্য চেষ্টা কৰি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ইণ্ডিয়া গেটৰ ওচৰত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ (আই এন এ) কমাণ্ডাৰ ইন চিফৰ ২৮ ফুট ওখ ক'লা গ্ৰেনাইটৰ মূৰ্তিটোৰ

স্থাপনৰ দৰে পদক্ষেপৰ জৰিয়তে তেওঁৰ অৱদান চিৰযুগমীয়া কৰিব বিচাৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com