গোলাঘাটত উত্তৰ-পূব ফুল আৰু বাঁহ কৰ্মশালাৰ শুভাৰম্ভ

গোলাঘাট জিলাত শুকুৰবাৰে আৰম্ভ হৈছে ফুল আৰু বাঁহৰ কৰ্মশালা- সন্মিলন।
গোলাঘাটত উত্তৰ-পূব ফুল আৰু বাঁহ কৰ্মশালাৰ শুভাৰম্ভ
Published on

গোলাঘাটঃ উত্তৰ-পূব ফুল আৰু বাঁহৰ কৰ্মশালা- সন্মিলন শুকুৰবাৰে গোলাঘাট জিলাত আৰম্ভ হয়। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ১০ দিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব ১৩ ফেব্ৰুৱাৰীত।ৰাংলি আইদেউ টাই সাংস্কৃতিক উন্নয়ন কেন্দ্ৰৰ উদ্যোগত। ৰঙালী আইদেউ টাই সংকল্প বিকাশ কেন্দ্ৰৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি বীৰেন গগৈয়ে আৰু আয়োজক সমিতিৰ পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি উপেন গগৈয়ে।

পিছত স্মৃতি তৰ্পন কৰে ধীৰেন হণ্ডিকে। প্ৰদৰ্শনীখন উদ্বোধন কৰে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠকে। অনুষ্ঠানত সমাজকৰ্মী মৃদুল শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com