বিজেপি গমন! নেতৃত্বসহ ডিব্ৰুগড় এন এছ ইউ আইৰ সকলো কৰ্মীৰ পদত্যাগ

পদত্যাগী নেতা কেইজনে কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে স্বজন-তোষণৰ অভিযোগ উত্থাপন কৰিছে।
বিজেপি গমন! নেতৃত্বসহ ডিব্ৰুগড় এন এছ ইউ আইৰ সকলো কৰ্মীৰ পদত্যাগ
Published on

আগন্তক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ ডিব্ৰুগড় সমিতিৰ সকলো নেতা-কৰ্মীয়ে পদত্যাগ কৰিছে। অচিৰেই তেওঁলোকে বিজেপিত যোগদান কৰিব বুলি চৰ্চা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি একেলগে পদত্যাগ কৰিলে ডিব্ৰুগড় জিলাৰ ৩৬ গৰাকী সক্ৰিয় এন এছ ইউ আইৰ কৰ্মীয়ে। দলৰ বিসম্বাদ আৰু শীৰ্ষ নেতৃত্বৰ কাম-কাজত অসন্তুষ্ট হৈ দলত্যাগ কৰা বুলি আটাইকেইজন নেতাই প্ৰকাশ কৰিছে। পদত্যাগী নেতা কেইজনে কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে স্বজন-তোষণৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে একেলগে ৩৬ গৰাকী এন এছ ইউ আইৰ কৰ্মীয়ে পদত্যাগ কৰাত একপ্ৰকাৰ শূন্য হৈ পৰিছে সংগঠনৰ ডিব্ৰুগড় জিলা সমিতি। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com