অসমঃ দুলিয়াজানত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ৮ খনতকৈও অধিক দোকান

তাত বাস কৰা স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে জুই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ দ্বাৰা সণঘটিত হ'ব পাৰে যদিও ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট নহয়।
অসমঃ দুলিয়াজানত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত  ৮ খনতকৈও অধিক দোকান
Published on

গুৱাহাটীঃ ২৮ মে' শুকুৰবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় অসম দুলিয়াজানৰ কুমুদ নগৰ গাঁৱত।

অঞ্চলটো এটা মুখ্য ব্যৱসায়িক কেন্দ্ৰত ৮ খন দোকান ভস্মীভূত হোৱা বুলি কোৱা হৈছে।

তাত বাস কৰা স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে জুই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ দ্বাৰা সণঘটিত হ'ব পাৰে যদিও ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট নহয়।

লগতে, অইল ইণ্ডিয়া লিমিটেডৰ ৩ টা অগ্নি নিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হৈছিল আৰু এঘণ্টাৰ পিছত তেওঁলোকে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল।

অইলৰ প্ৰচেষ্টাৰ দ্ৰুত হস্তক্ষেপৰ বাবে, জুই বাণিজ্যিক এলেকাৰ বাকী ঠাইবোৰলৈ বিয়পিব নোৱাৰিলে আৰু বাকী দোকানবোৰ ৰক্ষা পৰিল।

অৱশ্যে, এই অগ্নিকাণ্ডৰ ফলত লাখ লাখ মূল্যৰ সম্পত্তিৰ ক্ষতি হৈছে তথাপিও এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। ইফালে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ইয়াৰ বাবে তদন্ত চলায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com