ৰিয়ান পৰাগৰ সংবাদমেল: খেলাৰ সুযোগ দিয়াৰ বাবে ৰাজস্থান ৰয়েলচক কৃতজ্ঞতা জ্ঞাপন

ৰিয়ান পৰাগৰ সংবাদমেল: খেলাৰ সুযোগ দিয়াৰ বাবে ৰাজস্থান ৰয়েলচক কৃতজ্ঞতা জ্ঞাপন
Published on

আজি খাৰঘুলিস্থিত নিজৰ বাসগৃহত ৰিয়ান পৰাগে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত প্ৰথমতে ৰাজস্থান ৰয়েলচে খেলিবলৈ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে তেওঁ কয় যে তেওঁ ইমান খিনি মেচ খেলিব বুলি কেতিয়াও ভবা নাছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা খেল কেইখনত আশানুৰূপ ফল দেখুৱাবলৈ পায় তেওঁ আনন্দিত বুলি প্ৰকাশ কৰে ।

সংবাদমেলত তেওঁ লগতে প্ৰকাশ কৰে যে সুৰুৰে পৰা টিভিত দেখি থকা খেলুৱৈ সকলক ড্ৰেছিং ৰুমত লগ পাই খুবেই আনন্দিত হৈছিলোঁ । তেওলোকৰ লগত কথা পাতি উৎসাহিত হৈছিলো । লগতে ৰিয়ান পৰাগক উৎসাহিত কৰাৰ লগতে ভালকৈ প্ৰশিক্ষণ দিছিল বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে অসমীয়াৰ স্বাভিমান "গামোচা " খন আই পি এলৰ কেইবাখনো খেলত কঁকালত লোৱাৰ বাবে যথেষ্ট চৰ্চা লাভ কৰিছিল । এই ক্ষেত্ৰত ৰিয়ান পৰাগে কয় যে অসমৰ গামোচা খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাৰ বাবে তেওঁ গামোচা খন লগত ৰাখিছিল ।

সংবাদমেলত ৰিয়ান পৰাগে মনৰ ভাৱ ব্যক্ত কৰাৰ লগতে এখন খেলত বিহু নৃত্য প্ৰদৰ্শন কৰাক লৈও মন্তব্য কৰি কয় যে তেওঁ অলপ বেলেগ ধৰণে বিহু নাচিবলৈ চেষ্টা কৰিছিল ।

আই পি এলৰ সন্দৰ্ভত ৰিয়ান পৰাগে কয় যে তেওঁ বেটিং কৰি থকা সময়ত পিছফালে মহেন্দ্ৰ সিং ধোনি উইকেট ৰক্ষক আছিল আৰু ইমৰান তাহিৰে বল কৰিছিল সেই মুহুৰ্ততো তেওঁৰ বাবে স্মৰণীয় ।

ৰিয়ান পৰাগৰ এই সফলতা পিতৃৰ অবদান কথা প্ৰকাশ কৰে । তেওঁ কয় যে এই সফলতা আঁৰত মোৰ পিতৃ আছে । সুৰুৰে পৰা দেউতাক ক্ৰিকেট খেলা দেখিছিলোঁ, তেতিয়াৰ পৰাই অনুপ্ৰাণিত হৈছিলো বুলি প্ৰকাশ কৰে। লগতে এম এচ ধোনিয়ে তেওঁক খেলৰ পাছত উৎসাহিত কৰিছিল বুলিও প্ৰকাশ কৰে ৰিয়ান পৰাগে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com