দৰঙত পেট্ৰ'ল পাম্পত ডকাইতিঃ লুটি নিলে নগদ ৪.৬৫ লাখ টকা

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে আৰোপিত তলাবন্ধ চলি থকাৰ সময়তে এই ডকাইতি কাণ্ড সংঘটিত হয়।
দৰঙত পেট্ৰ'ল পাম্পত ডকাইতিঃ লুটি নিলে নগদ ৪.৬৫ লাখ টকা
Published on: 

দৰঙৰ এটা পেট্ৰ'ল ডিপোৰ পৰা সোমবাৰে পুৱতি নিশা এটা ডকাইতৰ দলে নগদ ৪.৬৫ লাখ টকা লুটি নিয়ে। প্ৰাপ্ত তথ্য অনুসৰি ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে আৰোপিত তলাবন্ধ চলি থকাৰ সময়তে এই ডকাইতি কাণ্ড সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। অৱশ্যে বৰ্তমানলৈ আৰক্ষীয়ে ডকাইতৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে বিগত কিছুদিনত ৰাজ্যত একাধিক চুৰি-ডকাইতিৰ ঘটনা সংঘটিত হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com