নীট-২০২১ঃ উজলিল অসমৰ দক্ষিণ শালমাৰাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান

শিশু অৱস্থাতে পিতৃক অকালতে হেৰুৱাই কঠোৰ জীৱন সংগ্ৰামত নামি পৰা মাছিদুৰৰ এই কৃতিত্বই অঞ্চলটোৰ ৰাইজক উত্ফুল্লিত কৰিছে।
নীট-২০২১ঃ উজলিল অসমৰ দক্ষিণ শালমাৰাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান

এইবাৰৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা (নীট)-ত উজলি উঠিল অসমৰ দক্ষিণ শালামাৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ এজন মেধাৱী ছাত্ৰ। মাছিদুৰ ৰহমান নামৰ এই ছাত্ৰজনে নীট-২০২১ত উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিশু অৱস্থাতে পিতৃক অকালতে হেৰুৱাই কঠোৰ জীৱন সংগ্ৰামত নামি পৰা মাছিদুৰৰ এই কৃতিত্বই অঞ্চলটোৰ ৰাইজক উত্ফুল্লিত কৰিছে।

তেওঁ নীট-ত ৫৬৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মাছিদুৰে পিতৃক ২০০৬-ত হেৰুৱাই. তাৰ পাছৰে পৰা তেওঁ মাতৃৰ সৈতে জীৱন-সংগ্ৰামত নামি পৰে। ছাত্ৰজনৰ এই কৃতিত্বত উত্ফুল্লিত হৈ স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনাইছে।  উল্লেখ্য যে দেশৰ চিকিত্সা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে নীট অনুষ্ঠিত কৰি অহা হৈছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com