ব্ৰহ্মপুত্ৰত মিথানল মিশ্ৰিত ডিজেল জাহাজৰ পৰীক্ষণ

প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰত ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহনে জাহাজ – এছ বি গংগাধৰত মিথানল মিশ্ৰিত ডিজেলেৰ ব্যৱহাৰ
ব্ৰহ্মপুত্ৰত মিথানল মিশ্ৰিত ডিজেল  জাহাজৰ পৰীক্ষণ
Published on

গুৱাহাটীঃ ব্ৰহ্মপুত্ৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগে (আই ডব্লিউ টি) মিথানল মিশ্ৰিত ডিজেলেৰে ইন্ধন হিচাপে ব্যৱহাৰ কৰি এছ বি গংগাধৰ জাহাজৰ পৰীক্ষণ হয়। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী আৰু ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জাহাজখন মুকলি কৰে।তেলীয়ে কয়, "যদি ইঞ্জিনত কোনো ধৰণৰ কাৰিকৰী অসুবিধাৰ সৃষ্টি নকৰাকৈ এই ট্ৰাইল ৰাণ সফল বুলি প্ৰমাণিত হয়, তেন্তে আমি এই মিশ্ৰিত ইন্ধনেৰে সকলো ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহণ জাহাজ চলাম। আজি আমি ডিজেলৰ সৈতে ১৫ শতাংশ মিথানল ব্যৱহাৰ কৰিলোঁ। ইয়াৰ ফলত কাৰ্বন নিৰ্গমন কম হয়, যাৰ ফলত প্ৰদূষণ কম হয়।কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে কয়, "অসম পেট্ৰ'কেমিকেল লিমিটেড (এপিএল), নামৰূপে বৰ্তমান প্ৰায় ১০০ টিপিডি মিথানল উৎপাদন কৰে। এপিএলে ৫০০ টিপিডি মিথানল উৎপাদনৰ প্ৰকল্প স্থাপন কৰি আছে। কয়লাৰ পৰা মিথানল প্লাণ্ট স্থাপনৰ কাম চলি আছে।" দেশত ভেল, থাৰমেক্স আৰু আই আই টি-দিল্লীয়ে বিকশিত কৰা থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com