চাহ শ্ৰমিকৰ মজুৰি বেংকৰ যোগেদি সম্ভৱ নহয় : ভাৰতীয় চাহ সন্থা

চাহ শ্ৰমিকৰ মজুৰি বেংকৰ যোগেদি সম্ভৱ নহয় : ভাৰতীয় চাহ সন্থা
Published on

যি সময়ত দিছপুৰে বেংক কতৃপক্ষক প্ৰত্যেক গৰাকী চাহ শ্ৰমিকৰ বেংক একাউণ্ট খুলিবলৈ নিৰ্দেশ দিছে , তেনে সময়তে ভাৰতীয় চাহ সন্থায়ে কেন্দ্ৰক জনাইছে যে বহুতো চাহ বাগিছাত বেংকৰ যোগেদি মজুৰি দিয়া সম্ভৱ নহয় ।

বিমুদ্ৰাকৰনৰ পিছত চাহ শ্ৰমিক সকলে বেংক একাউণ্টৰ বাবে আবেদন কৰি একাউণ্ট খোলা পৰিলক্ষিত হৈছিল । অসমৰ বহুতো চাহ বাগিছা ভিতৰুৱা অঞ্চলত আছে , যি অঞ্চলৰ পৰা বেংকৰ শাখা সমুহ বহুত দূৰত অৱস্থিত । এটিএম/ গ্ৰাহকৰ শাখা সমুহ বহুত দূৰত অৱস্থিত হোৱাৰ বাবে বেংকৰ যোগেদি মজুৰি প্ৰদান কৰাটো সম্ভৱ নহয় বুলি পত্ৰত উল্লেখ কৰিছে ভাৰতীয় চাহ সন্থায়ে |ভাৰতীয় চাহ সন্থাৰ সাধাৰণ সভাপতি অৰ্জিত ৰাভায়ে কেন্দ্ৰীয় বিত্তীয় সচিব সুভাষ চন্দ্ৰ গাৰ্গলৈ পত্ৰ প্ৰেৰণ কৰিছিল । পত্ৰ খনত উল্লেখ আছে যে, চাহ উদ্যোগত চাহ শ্ৰমিকৰ মজুৰি সমুহ সাপ্তাহিক ভাৱে দিয়া হয় । চাহ বাগিছাৰ অঞ্চলত বেংক সমূহত প্ৰায় হাজাৰৰো অধিক শ্ৰমিকৰ বাবে আৰু সাপ্তাহিক মজুৰি প্ৰদান কৰিবলৈ পৰ্যাপ্ত কৰ্মী নাথাকে বুলি উল্লেখ কৰে পত্ৰ খনত ।

সেয়েহে বেংকৰ যোগেদি চাহ শ্ৰমিকক মজুৰি প্ৰদান কৰাটো সম্ভৱ নহয়। কিছুমান চাহ বাগিছাত বেংকৰ শাখা , এটিএম আদি স্থাপন কৰা হৈছে যদিও বাগিছাত দুৰ্বল ইন্টাৰনেট ব্যৱস্থাৰ বাবে সফল হ'ব পৰা নাই বুলি প্ৰকাশ কৰে পত্ৰ খনত ।

ভাৰতীয় চাহ সন্থাৰ মতে , এই সম্পৰ্কে ৰাজ্য চৰকাৰক অবগত কৰা হৈছে । চাহ বাগিছাত বেংকৰ শাখা স্থাপনৰ কাম লেহেমীয়া গতিৰে চলি আছে আৰু অধিক অংশ বাগিছাতে বেংকৰ সুবিধা নাই। আনহাতে অস্থায়ী চাহ শ্ৰমিক সকল গাঁও অঞ্চলৰ পৰা আহে , তেওলোকৰ বেংক একাউণ্ট নাথাকে । তেওঁলোকে মজুৰি হাতে হাতে দিয়াটো বিচাৰে । অসম আৰু উত্তৰ-বাংলাৰ প্ৰত্যেক বছৰে প্ৰায় ৮,০০০ কোটি মজুৰি প্ৰদান কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com