চিৰাং আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ অভিযানত ২ যুৱকক আটক

চিৰাং আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ অভিযানত ২ যুৱকক আটক
Published on

দেওবাৰে অস্ত্ৰসত্ৰ সহ দুজন যুৱকক আটক কৰিছে চিৰাং আৰক্ষী আৰু ভাৰতীয় সেনায়ে। আটক কৰা যুৱক দুজনৰ নাম হৈছে ফাৰমান আলী (৩৬) আৰু মফিজুল ইছলাম (২২)। দুয়োজন যুৱকৰ ঘৰ চিৰাং জিলাৰ চিদলি আৰক্ষী থানাৰ অন্তৰ্গত মজাবাৰিত বুলি জানিব পৰা গৈছে ।

চিৰাং জিলাৰ বাছুগাওৰ ৰানচাইধামৰ পৰা যুৱক দুজনক আটক কৰে। এটা দেশীয় পিষ্টল, ৫ জাই সক্ৰিয় গুলী, এখন মটৰ চাইকেল আৰু নগদ ৫৫,৮০০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com