অবৈধ সুৰা জব্দ

অবৈধ সুৰা জব্দ
Published on

সাপেখাটী আৰক্ষীয়ে সোনাৰী মহকুমা আবকাৰী বিভাগৰ সহযোগত এএছ-০৪-এচি-৯৬২২ নম্বৰৰ মেক্স পিকআপ ভানৰ পৰা অৰুনাচলৰ পৰা আনি থকা অৱস্থাত অবৈধ আইএমএফএল সুৰা জব্দ কৰে।সুৰা খিনিৰ মুল্য ১.৫০ লাখ টকাৰ হব বুলি জানিব পৰা গৈছে।গাড়ীখনৰ চালক ৰাজীৱ সিঙক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে অন্য দুজন ব্যক্তি সঞ্জয় চাহু আৰু সঞ্জীৱ শইকীয়া পলায়ন কৰিবলৈ সক্ষম হয়।তেওঁলোকে অবৈধ সুৰা অৰুনাচলৰ পৰা সৰবৰাহ কৰি অসমৰ লেবেল লগাই বিক্ৰী কৰে।শিৱসাগৰ আবকাৰী বিভাগে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আমগুৰি আৰু নাজিৰা চহৰত অভিযান চলাই।অভিযানত আবকাৰি বিভাগে বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com