অব্যবহৃত ইভিএম গুদামলৈ স্থানান্তৰ কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ

অব্যবহৃত ইভিএম গুদামলৈ স্থানান্তৰ কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ
Published on

অসম প্ৰদেশ কংগ্ৰেছৰে ভাৰতীয় নিৰ্বাচনী আয়োগৰ ওচৰত ই ভি এম টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছে । অসমৰ বিভিন্ন জিলাৰ পৰা অব্যবহৃত ইভিএম কামৰূপ জিলা উপায়ুক্তৰ অধিনত থকা আমিনগাঁওৰ গুদামলৈ অনা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

অসম প্ৰদেশ কংগ্ৰেছে ভাৰতীয় নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰা মেইলত উল্লেখ কৰিছে যে ২৮ এপ্ৰিলৰ নিশা প্ৰায় ১০.৩৫ বজাত বিভিন্ন ঠাইৰ পৰা প্ৰেৰণ কৰা অব্যবহৃত ইভিএম সমূহ আমিনগাঁওৰ অস্থায়ী ষ্ট্ৰং ৰোমৰ সমীপৰ পৰা ব্যবসায়ি হিমৎসিংকাৰ কাৰখানালৈ নিশাৰ ভাগত ট্ৰাকেৰে স্থানান্তৰ কৰা পৰিলক্ষিত হয় ।

অসম প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা মতে বহুতো ট্ৰাকেৰে সামগ্ৰী গুদামত জমা কৰা হয় বুলি স্থানীয় সূত্ৰয়ে প্ৰকাশ কৰে । অসম প্ৰদেশ কংগ্ৰেছে লগতে অভিযোগ কৰে যে বহুতো ট্ৰাকৰ যোগেদি অব্যাবহৃত ই ভি এম গুদাম ঘৰলৈ কঢ়িয়াও হৈছে ।

অসম প্ৰদেশ কংগ্ৰেছে লগতে প্ৰকাশ কৰে যে নিৰ্বাচন আয়োগৰ নীতি অনুসৰি ই ভি এম বা নিৰ্বাচন সম্পৰ্কীয় কোনো সজুলিয়ে ব্যক্তিগত স্হানত ৰাখি থোৱাৰ নিয়ম নাই । সেয়েহে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত নিৰ্বাচনী আয়োগৰ হস্তক্ষেপৰ অনুৰোধ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

কংগ্ৰেছে লগতে প্ৰকাশ কৰে যে জিলা উপায়ুক্ত জালুকবাৰীৰ বিধায়ক আৰু কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত অতি ঘনিষ্ঠ । সেয়েহে তেওঁৰ গৃহ জিলাৰ পৰা সলনি নোহোৱাৰো অভিযোগ উত্থাপন কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com