অসম আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল অসমখনক অবৈধ বিদেশীৰ পৰা মুক্ত কৰাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

অসম আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল অসমখনক অবৈধ বিদেশীৰ পৰা মুক্ত কৰাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
Published on

অসম আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল অসমখনক অবৈধ বিদেশীৰ পৰা মুক্ত কৰা ৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ (Sarbananda Sonowal) ৷ছয় বছৰীয়া আন্দোলনত বিভিন্ন ধৰ্ম,ভাষা আদি সকলো লোক এই আন্দোলনত ডুব গ’ল ৷বহু সংখ্যক লোকৰ এই আন্দোলনত জীৱন নিঃশেষ হৈ গ’ল৷আৰু কিছু সংখ্যক জীৱনটোৰ কাৰণে ঘূণীয়া হৈ গ’ল ৷ অসম চুক্তি বাস্তৱায়ন বিভাগৰ দ্বাৰা বৃহস্পতিবাৰে মণিৰাম দেৱানৰ ট্ৰেড চেন্টাৰত অসম আন্দোলনত আঘাতপ্ৰাপ্ত হোৱা লোক সকলক সন্মান দিবৰ কাৰণে আয়োজন কৰা এখন বৈঠকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

মুখ্যমন্ত্ৰী সোনোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন ক্ষেত্ৰত বিকাশ কৰিবৰ কাৰণে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে ৷ অসম চুক্তিৰ সকলোতকৈ মহত্ত্বপূৰ্ণ খণ্ড অনুসৰি সীমান্ত অঞ্চলসমূহ ছীল কৰা হ’ব ।বিগত চৰকাৰে সীমা সমূহ ছীল কৰিবৰ কাৰণে কোনো ব্যৱস্থা হাতত লোৱা নাই ৷লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে বৰ্তমান কেন্দ্ৰ চৰকাৰে ৬১ কিলোমিটাৰ দীঘলীয়া নদীৰ সীমাক ছীল কৰিবৰ কাৰণে প্ৰযুক্তিৰ সহায় লৈছে ৷

অসম চুক্তি খণ্ড ৬ ক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে বিগত চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ অৱশ্যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি উচ্চতম ন্যায়ালয়ৰ সহায়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আপডেটৰ কাৰণে সকলো সম্ভৱ হৈছে ৷ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাৰণে বৰপেটা আৰু ছয়গাঁৱত পাইলট প্ৰজেক্টত সৃষ্টি হোৱা পৰিস্থিতিৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিগত চৰকাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com