অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাত চৰম বেমেজালি

অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাত  চৰম বেমেজালি
Published on

দেওবাৰে অনুষ্ঠিত হোৱা অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ লিখিত পৰীক্ষাত চৰম বেমেজালি সংঘটিত হৈছে । দেওবাৰে ১,০৯৭ টা বিভিন্ন পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা শক্তি বিভাগৰ পৰীক্ষা প্ৰশ্ন কাকতত ছছিয়েল মেডিয়া আৰু ওৱাচ এপৰ গ্ৰুপত উপলব্ধ হৈ পৰে। বিভিন্ন পৰীক্ষা কেন্দ্ৰ সমুহত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীয়ে । বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে পৰীক্ষকক আৰক্ষীয়ে পৰীক্ষাৰ অনিয়মৰ লগত জৰিত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

শক্তি বিভাগৰ পৰীক্ষাত সংঘটিত বেমেজালি ৰ ফলত চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ ছাত্ৰী সকলে । পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন পৰীক্ষাৰ্থীয়ে প্ৰকাশ কৰে যে " পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ ফলত অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে হতাশাত ভূগিছে । পৰীক্ষাটোৰ কাৰনে যথেষ্ট প্ৰস্তুতি চলাইছিলো । কিন্তু অনিয়মৰ ফলত অযোগ্য প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব " বুলি কয়।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰত এনে বেমেজালি- অৰাজকতাৰ সংঘটিত হৈছে । একাংশ বিক্ষুদ্ধ পৰীক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰিছে বুলি প্ৰকাশ কৰিছে ।

বহুতো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাটো পুনৰ নিকাকৈ অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে । অসম লোকসেৱা আয়োগৰ চাকৰিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ পাছত অসম চৰকাৰে কেৱল যোগ্য প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব বুলি প্ৰকাশ কৰাৰ পিছত শক্তি বিভাগৰ পৰীক্ষাত সংঘটিত এনে বেমেজালিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

অসম বিদুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাৰ এনে অনিয়ম সংঘটিত হোৱাৰ পাছত যোগ্য প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিব নে ? তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com