অসম মেডিকেল কলেজ হস্পিতালৈ যোৱা পথ মেৰামতি কৰাৰ দাবী

অসম মেডিকেল কলেজ হস্পিতালৈ যোৱা পথ মেৰামতি কৰাৰ দাবী
Published on

অসম মেডিকেল কলেজ হস্পিতালৈ যোৱা পথছোৱা অতি জৰাজীৰ্ণ অবস্থা । পথছোৱাৰ মাজে মাজে পুনৰ নিৰ্মাণ কৰাৰ পৰিবৰ্তে পুনৰ নিৰ্মাণৰ দাবী তুলিছে।

এই পথছোৱাতে বহুতো ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম আছে। সেয়েহে বিভাগীয় কতৃপক্ষক পথছোৱাৰ মেৰামতিৰ কাৰনে বহু বাৰ দাবী উত্থাপন কৰি আহিছে। উল্লেখযোগ্য যে গ্ৰাহাম বজাৰ তিনি আলি পৰা অসম মেডিকেল কলেজ হস্পিতালৈ মাত্ৰ ১৫ মিনিট সময় পথ । কিন্তু পথৰ দুৰৱস্থাৰ কাৰনে পথছোৱা অতিক্ৰম কৰিবলৈ ৪০ মিনিট সময়ৰ প্ৰয়োজন হয় । এই পথছোৱা বিশেষকৈ ৰোগী, ৰোগীৰ লগত থকা অভিভাৱক, মেডিকেল কলেজৰ কৰ্মচাৰীয়ে সাধাৰণতে ব্যৱহাৰ কৰে ।

অসম মেডিকেল কলেজ হস্পিতাল আৰু আন হস্পিতাল সমুহলৈ অহা ব্ৰহ্মপুত্ৰৰ সিপাৰৰ পৰা অহা ৰোগী সকলৰ মাজত যথেষ্ট অসুবিধা সৃষ্টি হয় । দূৰৰ পৰা অহা ৰোগী সকলে পথৰ বাবে হোৱা পলমৰ বাবে বহুতো অভিযোগ উত্থাপন কৰিছে ।

এই পথছোৱাত বহুতো পথ সংযোগ হৈছে । ডিব্ৰুজানৰ পৰা অহা পথ, পল্টন বজাৰ, সেউজীপুৰ, গ্ৰাহাম বজাৰ আৰু অসম মেডিকেল কলেজ হস্পিতালৰ সংযোগী পথৰ বাবে পল্টন বজাৰ পুলিচ পইন্টত অৰাজক , অপ্ৰীতিকৰ পৰিষ্ঠিতৰ সৃষ্টি হয় ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com