অসম লোকসেৱা আয়োগে পুনৰ নিৰীক্ষণ কৰিব চিচিইৰ প্ৰথম পৰ্যায়ৰ উত্তৰ বহী

অসম লোকসেৱা আয়োগে পুনৰ নিৰীক্ষণ কৰিব চিচিইৰ প্ৰথম পৰ্যায়ৰ উত্তৰ বহী
Published on

অসম লোকসেৱা আয়োগে পুনৰ নিৰীক্ষণ কৰিব ২০১৮ চনত অনুষ্ঠিত হোৱা চিচিইৰ প্ৰথম পৰ্যায়ৰ উত্তৰ বহী । এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ২০১৯ চনৰ ১৩ মাৰ্চত।

অসম লোকসেৱা আয়োগে নিজৰ ভূল স্বীকাৰ কৰিছে আৰু প্ৰকাশ কৰিছে যে ২২ জন অধ্যাপকে ২২ টা বিষয়ৰ বাবে ভূল প্ৰশ্ন কাকত প্ৰস্তুত কৰিছিল । চিচিই পৰীক্ষাত মুঠ ৩৩৬১ পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হৈছিল । ফলাফল ঘোষণা কৰাৰ পূৰ্বে উত্তৰ কাকত প্ৰকাশ নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল আয়োগে আৰু পৰীক্ষাৰ্থী সকলৰ মতামত গ্ৰহণ কৰিব কাৰন প্ৰত্যেক বিষয়ত প্ৰত্যেক পৰীক্ষাৰ্থীৰ পৰা মতামত লৈ পৰীক্ষা কৰাৰ কাৰণে অধিক সময়ৰ প্ৰয়োজন হৈছিল ফলাফল ঘোষণা কৰিবলৈ আৰু প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিলম্ব হৈছিল বুলি প্ৰকাশ কৰে অসম লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিপক কুমাৰ শৰ্মায়ে ।

ভাৰপ্ৰাপ্ত অধ্যক্ষ দিপক কুমাৰ শৰ্মায়ে লগতে কয় যে প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ বাবে ৬০,২৪৭ খন আবেদন লাভ কৰিছিল । ফলাফল ঘোষণা কৰাৰ পিছতহে বিসংগতিৰ কথা পোহৰলৈ আহিছিল বুলি প্ৰকাশ কৰে। সেয়েহে অযোগ্য প্ৰাৰ্থীয়ে যাতে সুবিধা লাভ নকৰে তাৰ বাবে পুনৰ নিৰীক্ষণ কৰিব চিচিইৰ প্ৰথম পৰ্যায়ৰ উত্তৰ বহী বুলি প্ৰকাশ কৰে যে দিপক কুমাৰ শৰ্মায়ে ।

৩৩৬১ পৰীক্ষাৰ্থী প্ৰথম পৰ্যায়ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল আৰু অতিৰিক্ত ৪০৮ জন কিছু দিনৰ পাছত ঘোষণা কৰাৰ কথা আছিল ।

লগতে দিপক কুমাৰ শৰ্মায়ে প্ৰকাশ কৰে যে ২২ জন অধ্যাপকে প্ৰশ্ন কাকতত ভুল কৰিছিল । সাধাৰণ বিজ্ঞানৰ ৩ টা প্ৰশ্ন ভুলকৈ প্ৰকাশ কৰিছিল, কৃষিবিজ্ঞানীত ৩ টা প্ৰশ্ন ভুলকৈ প্ৰকাশ কৰিছিল ।লগতে বাকী ২২ টা বিষয়তে ভূল প্ৰশ্ন প্ৰকাশ হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com