অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ভদ্ৰ কৃষ্ণ দেৱগোস্বামীৰ দেহাৱসান

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ভদ্ৰ কৃষ্ণ দেৱগোস্বামীৰ দেহাৱসান
Published on: 

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ভদ্ৰ কৃষ্ণ দেৱগোস্বামীৰ দেহাৱসান ঘটিছে।মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৮৬ বছৰ।গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰনত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।১৯৩৩ চনত শিৱসাগৰ জিলাৰ চাৰিং জকাই সত্ৰত দেৱগোস্বামীৰ জন্ম হয়।১৯৬০ চনত তেওঁ সত্ৰ সংঘত যোগদান কৰে।তেওঁ জকাই সত্ৰৰ সত্ৰাধিকাৰ আসনত অলংকিত হয়।ভদ্ৰ কৃষ্ণ দেৱগোস্বামী ২০০২ চনত অসম সত্ৰ মহাসভাৰ সভাপতি পদত অধিষ্ঠিত হয়,পাছত তেওঁ মহাসভাৰ মুখপাত্ৰ হিচাপে কাম-কাজ চলাই নিয়ে।বৰেন্য ব্যক্তি জনৰ মৃত্যুত চৰকাৰৰ লগতে দল,সংগঠন আৰু ৰাইজে গভীৰ শোক প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com