অসমীয়া হিচাপে সকলোৱে গৌৰব অনুভব কৰক: অসম সাহিত্য সভা

অসমীয়া হিচাপে সকলোৱে গৌৰব অনুভব কৰক:  অসম সাহিত্য সভা
Published on

অসম সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে মন্তব্য কৰে বহাগ মাহতে অসমীয়া জাতি আৰু ভাষাক অধিক শক্তিশালী কৰি তুলিবলৈ সংকল্প বদ্ধ হওঁক ৰাজ্যবাসী। লগতে তেওঁ সকলোকে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিবলৈ প্ৰকাশ কৰে। জাতি ধৰ্ম নিৰ্বিশেষে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিবলৈ আৰু নিজৰ মাতৃভাষা ব্যবহাৰ কৰিবলৈ আহ্বান জনাইছে পৰমানন্দ ৰাজবংশীয়ে ।

শনিবাৰে ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত , অসম সাহিত্য সভাৰ দ্বাৰা আয়োজিত " আমাৰ উৎসৱ আমাৰ ভবিষ্যত " শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহন কৰি এই মন্তব্য কৰে সভাপতি পৰমানন্দ ৰাজবংশীয়ে । এই অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সাধাৰণ সভাপতি পদুম ৰাজখোৱায়ে প্ৰকাশ কৰে " এই বহাগে যাতে সকলো জাতিৰ মাজলৈ সমৃদ্ধি কঢ়িয়াই আনে।"

এই অনুষ্ঠানতে অসম আৰক্ষী চতুৰ্থ বেটেলিয়ানে বিহু নৃত্য প্ৰদৰ্শন কৰে । ৰঙালী বিহুৰ অস্তিত্ব বিপন্ন নকৰিবলৈ আহ্বান জনাইছে। লগতে সংগীত শিল্পী শিল্পী বিদ্যা সাগৰে বিহু গীত পৰিবেশন কৰে ।

লগতে এই অনুষ্ঠানত প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি ডঃ ধ্ৰুবজ্যোতি বৰা, লেখক ডঃ পৰাগ কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট উপন্যাস লেখক ৰিজু হাজৰিকা আৰু উপস্থিত বহুতো লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

অনুষ্ঠানত উপস্থিত থাকি ডঃ ধ্ৰুবজ্যোতি বৰায়ে এই বহাগ মাহে যাতে অসমীয়া জাতি আৰু ভাষাৰ অংগীকাৰ মাহ হয় তাৰেই কামনা কৰে বুলি প্ৰকাশ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com