অৰুনাচলত বিদ্ৰোহৰ ঘটনা বৃদ্ধি পাইছে :সংসদীয় সমিতি

অৰুনাচলত বিদ্ৰোহৰ ঘটনা বৃদ্ধি পাইছে :সংসদীয় সমিতি
Published on

উত্তৰপূৰ্বাঞ্চলৰ অন্যসমূহ ৰাজ্যত বিদ্ৰোহৰ ঘটনা হ্ৰাস পোৱা সময়ত কিন্তু অৰুনাচল প্ৰদেশত বিদ্ৰোহৰ ঘটনা ক্ৰমান্নয়ে বৃদ্ধি পাইছে।অৰুনাচল প্ৰদেশৰ চীন সীমান্তৰ সমীপত কোনোধৰনৰ বিদ্ৰোহী বাহিনী সক্ৰিয় অৱস্থাত নাই বুলি জানিব পৰা গৈছে।গৃহ বিভাগৰ সংসদীয় সমিতিৰ শেহতীয়া তথ্য অনুযায়ী উত্তৰপূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ ভিতৰত অৰুনাচলত নিৰাপত্তা ব্যৱস্থা হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ পি চিতাম্বৰমৰ নেতৃত্বত সংসদীয় সমিতিয়ে অৰুনাচলৰ কথা সংসদত ৰিপৰ্ট জমা কৰিছে।সংসদীয় সমিতিয়ে কেন্দ্ৰীয় গৃহ বিভাগক অৰুনাচলৰ বিষয়টো চাঁলিজাৰি চাবলৈ আহ্বান কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com