আইঅউএছৰ সৈতে দুবছৰ ৰ বাবে চুক্তিবদ্ধ হিমা

আইঅউএছৰ সৈতে দুবছৰ ৰ বাবে চুক্তিবদ্ধ হিমা
Published on: 

অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ দৌৰৰানী হিমা দাস দেশৰ আগশাৰীৰ কোম্পানী আইঅউএছ স্পৌটচ এণ্ড এন্টাৰটেইনমেন্টৰ সৈতে দুবছৰ কাৰ্যকালৰ বাবে চুক্তিবদ্ধ হয়। এই চুক্তিৰ পাচতেই এই কোম্পানীটোৰ সৈতে চু্ক্তিবদ্ধ হোৱা তালিকাত দেশৰ অন্যতম খেলুৱৈ বক্সিং ছুপাৰষ্টাৰ মেৰী কম, বিজেন্দ্ৰ সিং, কমনৱেলথ গেমচৰ স্বৰ্ণ পদক বিজয়ী নমিকা বত্ৰা আৰু মীৰা বাই চানুৰ লগত অন্তৰ্ভূক্ত হয় অসমৰ হিমাৰ নাম।বিশ্ব ২০ বছৰ অনূৰ্ধ এথেলেটিকচ চেম্পিয়নশ্বিপত ইতিহাস ৰচি ভাৰত তথা অসমৰ সন্তান হিমা দাসে ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল।হিমা ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে উক্ত প্ৰতিযোগিতাখনত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল।১৮ বছৰীয়া দৌৰবিদ গৰাকীয়ে ৫১.৪৬ চেকেণ্ডত ৰেচ সমাপ্ত কৰিবলৈ সক্ষম হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com