আইন-শৃংখলা ভংগ কৰাটো কোনোকাৰনতে সহ্য কৰা নহব : কুলধৰ শইকীয়া

আইন-শৃংখলা ভংগ কৰাটো কোনোকাৰনতে সহ্য কৰা নহব : কুলধৰ শইকীয়া

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই এনআৰচি চূড়ান্ত খচৰা প্ৰকাশৰ পাছত ৰাজ্যৰ আইন-শৃংখলা বৰ্তাই ৰাখিবৰ বাবে সংবাদ মেলৰ আয়োজন কৰি সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে ‘আমি কোনো কাৰণতে অপৰাধীৰ বিৰুদ্ধে নৰম হ’ব নোৱাৰো, আইন-শৃংখলা ভংগ কৰাটো সহ্য কৰা নহ’ব,যি সকলে আইন-শৃংখলা ভংগ কৰিব তেওঁলোকক অসম আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰিব।’ ‘এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতো ৰাজ্যত এতিয়ালৈকে শান্তি-শৃংখলা অটুত আছে, বিভিন্ন পক্ষই শান্তি-সম্প্ৰীতি ব্যাঘাত চেষ্ঠা অব্যাহত ৰাখিছে,সেইসকলক সকিয়াই দিছে যে যাতে তেনে অপচেষ্ঠা নকৰে,নহলে সেইসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com