আগন্তক নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল এআইইউডিএফ দলৰ মুখ্য বদৰুদ্দীন আজমলৰ

আগন্তক নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল এআইইউডিএফ দলৰ মুখ্য বদৰুদ্দীন আজমলৰ
Published on

ধুবুৰী লোকসভা সমষ্টিৰ কাৰণে সাংসদ বদৰুদ্দীন আজমলে বৃহস্পতি বাৰে প্ৰথম মনোনয়ন পত্ৰ দাখিল কৰে ৷ এআইইউডিএফৰ (অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট ) মুখ্য বদৰুদ্দিন আজমলে বহু সমৰ্থক আৰু অনুগামীৰ লগ হৈ ধুবুৰীৰ ৰজা প্ৰদান বৰুৱা মৈদানত একত্ৰিত হৈ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় । উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ ৰিটাৰ্নিং অফিচাৰক মনোনয়ন পত্ৰ দাখিল কৰে ৷

বদৰুদ্দিন আজমলে প্ৰথম বাৰ ১৯৯৬ চনত ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰ’ন্ট গঠন কৰি অসমৰ ৰাজনীতিত প্ৰবেশ কৰিছিল ৷ ইয়াৰ পিছত ইউনাইটেড ডেম’ক্ৰেটিক ফ’ন্ট পিছলৈ অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টলৈ পৰিৱৰ্তন হয়। ২০০৬ চনত বদৰুদ্দিন আজমলে দক্ষিণ শালমৰা বিধানসভা ক্ষেত্ৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই। আৰু কংগ্ৰেছৰ মন্ত্ৰী ৱাজেদ আলি চৌধুৰীক বিপুল ভোটত পৰাজিত কৰে বদৰুদ্দিন আজমলে ৷

ইয়াৰ পিছতে তিনি বছৰৰ পিছত বদৰুদ্দীন আজমলে ২০০৯ আৰু ২০১৪ চনত ধুবুৰী লোকসভা নিৰ্বাচন ক্ষেত্ৰৰ পৰা প্ৰতিদ্বন্দিতা কৰে ৷ এই দুই বাৰেই বদৰুদ্দীন আজমলে কংগ্ৰেছক পৰাজয় কৰি বিজয়ী হয়। কিন্তু এইবাৰ ৰাজনেতিক পৰ্যবেক্ষক সকলৰ অনুসৰি কংগ্ৰেছ আৰু এআইইউডিএফৰ আসনৰ সন্দৰ্ভত মৌন আৰু স্পষ্ট বুজাবুজি আছে ৷ অৱশ্যে কংগ্ৰেছ প্ৰাৰ্থীৰ এক দীঘলীয়া তালিকা আছে ৷ ইয়াৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰী , প্ৰাক্তন সাংসদ আব্দুল হামিদ, প্ৰাক্তন বিধায়ক আবু তোহাৰ বেপাৰী আৰু গুল আখতাৰ বেগম ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com