আমি নাগৰিকত্ব সংশোধনী বিল ২০১৬ক বিৰোধিতা কৰি যাম : অতুল বৰা

আমি নাগৰিকত্ব সংশোধনী বিল ২০১৬ক বিৰোধিতা কৰি যাম : অতুল বৰা

দেওবাৰে সংবাদমাধ্যমৰ জৰিয়তে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অগপৰ সন্দৰ্ভত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দিয়া মন্তব্য পিছতে সোমবাৰে অগপৰ এখন কৰ্ণধাৰ বৈঠক অনুষ্ঠিত হয়। দিছপুৰ অসম বিধানসভাৰ চৌহদৰ বিধায়িনী কক্ষত অনুষ্ঠিত হোৱা অতুল বৰাৰ সভাপতিত্বত হোৱা বৈঠকখনত ড° হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা মন্তব্যৰ বিষয়েও আলোচনা কৰা হয় ৷

লগতে নেডাৰ এখন বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পৰ্কে কোনো মতামত আগবঢ়োৱা নাই বুলি মানুহৰ মনত যি ভূল বুজা বুজিৰ সৃষ্টি হৈছিল ৷ সেই ভূল বুজা বুজিৰ ধাৰণা জনসাধাৰণৰ মনৰ পৰা আঁতৰোৱাৰ কাৰণে ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে অতুল বৰাই ৷ অসম গন পৰিষদৰ সভাপতি অতুল বৰাই কয় যে, আমি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , যুটীয়া সংসদীয় কমিটী অধ্যক্ষ তথা সদস্যসকলৰ লগত বহুবাৰ আলোচনাত মিলিত হৈছো ৷ কিন্তু এইয়া যথেষ্ট নহয় ৷ আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাম৷আমাৰ স্থিতি স্পষ্ট ৷

অসম আন্দোলনৰ ৮৫৫জন শ্বহীদৰ আত্মবলিদানক আমি পাহৰিব নোৱাৰো৷অসম চুক্তিক অৱমাননা কৰিব নোৱাৰো ৷কাৰণ অসম চুক্তি আমাৰ বাবে গীতা,বাইবেল,কোৰাণ সদৃশ ৷ অন্যহাতে,অগক বিজেপিৰ মিত্ৰতা সন্দৰ্ভত সভাপতি অতুল বৰাই কয় যে,পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনৱালে আৰু হিমন্ত বিশ্ব শৰ্মাই অগপৰে মিত্ৰতা বিচাৰিছিল ৷

ইফালে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা কৈছিল৷লগতে কয় যে মিত্ৰতা হওক বা নহওক জাতিৰ স্বাৰ্থতকৈ ডাঙৰ একো হ’ব নোৱাৰে ৷ আমাৰ স্থিতি স্পষ্ট ৷ উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সন্দৰ্ভত অতুল বৰাই কয় যে,তৰুণ গগৈৰ স্থিতি দুমুখীয়া ৷বৰাকত এটা কয়,ব্ৰহ্মপুত্ৰত এটা কয়৷তেওঁৰ স্বভাৱ এতিয়া কংগ্ৰেছৰ বাকী সকলেও গ্ৰহণ কৰিছে ৷

অন্যহাতে,সোমবাৰে অনুষ্ঠিত হোৱা অগপৰ কৰ্ণধাৰ বৈঠকখনত উপস্থিত আছিল অগপৰ সভাপতি অতুল বৰা,ফণীভূষণ চৌধুৰী,কেশৱ মহন্তকে আদি কৰি অগপৰ আন বহুতো বিষয় ববীয়াসকল ৷

অন্য খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com