আয়ুশ্মান ভাৰত-প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা মুকলি

আয়ুশ্মান ভাৰত-প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা মুকলি
Published on

যোৱা দেওবাৰে কোকৰাঝাৰ জিলাৰ বডফা সাংস্কৃতিক প্ৰেক্ষাগৃহত আয়ুশমান ভাৰত-প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা মুকলি কৰা হয়। এই আচঁনিৰ মুল লক্ষ্য হৈছে প্ৰতি পৰিয়ালক ৫লাখ টকা প্ৰদান কৰি প্ৰায় ১৩০০শ টা বেমাৰৰ চিকিৎসাৰ বাবে ক্ষেত্ৰত সহায় কৰিব আয়ুশ্মান ভাৰতে। জানিব পোৱা মতে,আচঁনি খনে বিভিন্ন বেমাৰ যেনে; কেঞ্চাৰ,জুই পোৰা,কাৰডিঅ',ইউৰলজি আৰু নিউৰলজিকেল আদি বেমাৰৰ চিকিৎসাৰ বাবে ৫লাখ টকাকৈ প্ৰদান কৰা হ'ব।আচঁনি খনৰ এই সুবিধা কোকৰাঝাৰৰ মুঠ ৮০,০০০পৰিয়ালৰ লোকে ভোগ কৰিব পাৰিব।

অনুষ্ঠানৰ সময়ত বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰী উপস্থিত থাকি ১১টা পৰিয়ালক এই আচঁনিৰ অন্তৰ্গত বিনামুলীয়া চিকিৎসাৰ বাবে স্বাস্থ্য পত্ৰৰ সৈতে ব্যতিক্ৰমী নম্বৰ বিতৰন কৰে।

বিটিচিৰ প্ৰধান হাগ্ৰমা মহিলাৰীয়ে সভা খনত বক্তৃত্বা প্ৰদান কৰি কয় যে, এই আচঁনি দুখীয়া শ্ৰেণীৰ লোক যিয়ে কোনো ৰোগৰ চিকিৎসাৰ বাবে উন্নত সা-সুবিধা লাভ কৰিব নোৱাৰে তেওঁলোকৰ বাবে সহায়ক হ'ব।প্ৰায় ৮০,০০০ পৰিয়ালে চিকিৎসাৰ বাবে গোল্ড কাৰ্ড পাব লগতে ১০ অক্টোবৰৰ ভিতৰত এই কাৰ্ড সমূহৰ যোগান ধৰিব বুলিও হাগ্ৰামাই মত প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com