আৰ্ট থেৰাপিৰ জৰিয়তে কেন্সাৰ ৰোগী সকললৈ এক বিশেষ পদক্ষেপ

আৰ্ট থেৰাপিৰ জৰিয়তে কেন্সাৰ ৰোগী সকললৈ এক বিশেষ পদক্ষেপ

চলিত বৰ্ষৰ ২৮ ফ্ৰেব্ৰুৱাৰীত মুম্বাইৰ ARCSAPE সহযোগত ড° বি বৰুৱা কেন্সাৰ চিকিৎসালয়ত এক্সপ্ৰেচিভ আৰ্ট থেৰাপিৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানটো কেন্সাৰ ৰোগীসকলৰ উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হয় ৷ অনুষ্ঠানটোত ৭০ গৰাকী কেন্সাৰ ৰোগী উপস্থিত থকাৰ লগতে তেওঁলোকৰ পৰিয়াল পৰিজনো উপস্থিত থাকে৷

ড° বি বৰুৱা কেন্সাৰ চিকিৎসালয়ৰ সহযোগত ARCSAPE য়ে কেন্সাৰ ৰোগীসকলক প্ৰতিটো মুহুৰ্ততে সুস্থ ৰাখিবৰ কাৰণে পদক্ষেপ লোৱাটোৱেই হৈছে প্ৰধান উদ্দেশ্য ৷ ইফালে অনুষ্ঠানটোৰ আয়োজন কেন্সাৰ ৰোগীসকল,শিশু আৰু অন্যান্যসকলক মানসিক ভাৱে শান্তি দিবলৈ কৰা হৈছিল ৷ লগতে তেওঁলোকৰ মনোভাবক ব্যক্ত কৰিবৰ কাৰণেও আয়োজন কৰা হয় ৷ আৰু এক্সপ্ৰেচিভ আৰ্ট থেৰাপিৰ জৰিয়তে কেন্সাৰ ৰোগী সকলৰ মানসিক স্থিতি সুস্থ হৈ থকাত সহায় কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com