উন্নত হোৱাৰ দিশে হাইলাকান্দিৰ বানৰ অৱস্থা

উন্নত হোৱাৰ দিশে হাইলাকান্দিৰ বানৰ অৱস্থা
Published on

হাইলাকান্দি জিলাৰ বানৰ অৱস্থা ক্ৰমান্নয়ে উন্নত হোৱাৰ দিশে আগবাঢ়িছে।তিনিখন মূল নদীৰ পানী বৰ্তমান বিপদ সীমা যথেষ্ট তলত পাইছেগৈ।এতিয়াও ৪০ খন জিলা এতিয়াও পানীৰ তলত যদিও বাকী বোৰ গাঁওৰ অৱস্থা সন্তোষজনক।বান পীড়িত লোকৰ সংখ্যা ৩.২৪ লাখৰ পৰা ১৮,১১১ পাইছেগৈ।মাত্ৰ ১৬,৪১১ জন ব্যক্তিহে বৰ্তমান বনাৰ্ত শিবিৰত আছে।পীড়িত লোক সকলে নিজৰ ঘৰ বাৰী ঠিক ঠাক কৰাৰ লগতে খেতিতো লাগিছেগৈ।মুখ্যমন্ত্ৰী নিৰ্দেশত হাইলাকান্দি জিলা প্ৰশাসনে পীড়িত লোক সকলক সহায় আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com