এন আৰ হাউচিং চচাইটিত ৰঙালী বিহু উৎযাপন

এন আৰ হাউচিং চচাইটিত ৰঙালী বিহু উৎযাপন
Published on

গুৱাহাটীৰ দাৰকা নগৰস্থিত এন আৰ হাউচিং চচাইটিত ৰঙালী বিহু উৎযাপন কৰে। ২৭ এপ্ৰিলত উৎযাপন কৰে ৰঙালী বিহু । চচাইটিটোৰ জেষ্ঠ ব্যক্তি দিলিপ কুমাৰ ৰয়ে পুৱা পতকা উত্তোলন কৰি বিভিন্ন কাৰ্যসূচীৰ উৎযাপন কৰে বিহু। "শ্ৰীময় অসমী"ৰ মহিলা সকলে হুঁচৰি মাৰে । লগতে পৰম্পৰাগত ভাৱে দৈ চিৰাৰে জলপান গ্ৰহণ কৰে পুৱা।

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে । এই অনুষ্ঠানত চচাইটিৰ সভাপতি ৰাধা দেৱীয়ে বন্তি প্ৰজ্বলন কৰে। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। পৰম্পৰাগত নৃত্য, শিশু ফেচন অনুষ্ঠান অনুষ্ঠিত হ্য়। লগতে নিমন্ত্ৰিত শিল্পী চন্দনা তালুকদাৰ, দিলিপ তালুকদাৰ, ৰিব ৰিব বিহু হুঁচৰি দলে অনুষ্ঠান পৰিৱেশন কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com