এনডিএফবি কেদাৰক অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সম্ভাৰৰ সৈতে আটক

এনডিএফবি কেদাৰক অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সম্ভাৰৰ সৈতে আটক
Published on

চিৰাং আৰ্মী আৰু অসম আৰক্ষীৰ এক অভিযানত যোৱা দেওবাৰে নিশা বঙাইগাঁও জিলাৰ পল পাৰা এলেকাৰ জিৰনি কোঠাৰ পৰা লুকাঅ থকাৰ অৱস্থাৰ পৰা এনডিএফবিৰ এজন কেদাৰক আটক কৰে।চিনাক্ত কৰা অনুসৰি এনডিএফবিৰ কেদাৰ জন হৈছে ফিলিমান নাৰ্জাৰী,নাৰ্জাৰী আমগুৰি এলেকাৰ অন্তৰ্গত আমগুৰি আৰক্ষী থানাৰ চিৰাং জিলাত।

জানিব পোৱা তথ্যানুসৰি,ফিলিমান নাৰ্জাৰী এনডিএফবিৰ আন এজন কেদাৰ জৰ্দান নাৰ্জাৰীৰ সৈতে লগ হৈ পূৰ্ৱতে আৰু বৰ্তমান সময়ত ধনদাবী কৰিছিল।

বঙাইগাঁও আৰক্ষী থানাৰ অচি বিজিত দাধৰাই মত প্ৰকাশ কৰা অনুসৰি,নাৰ্জাৰীয়ে বলপূৰ্বক ভাৱে দাবী ধন কৰা ধন সমূহ এনএফবিৰ কামতে ব্যৱহাৰ কৰিছিল।ধৃত নাৰ্জাৰী পূৰ্বে কৰা কিছু অপৰাধৰ বাবেও গ্ৰেপ্তাৰ কৰা হৈছিল।ইয়াৰ উপৰি আৰক্ষীৰ অভিযানত ধৃত লোকজনৰ পৰা ৭.৬২এমএমৰ পিষ্টল,এটা মেগজিন আৰু ৩ সামৰিক সম্ভাৰ উদ্ধাৰ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com